Breaking

ডবকাত আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

0 1,022

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ  অন্তৰ্গত ডবকা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই আজি সন্ধিয়া দুই ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  আজি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি ডবকাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিং ৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ডবকাৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া অভিযান চলায় ৷ অভিযান কালত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সৰবৰাহ কাৰীকেইটাৰ নাম হল চাদ্দাম হুছেইন আৰু ময়নুল হক ৷ সৰবৰাহ কাৰী কেইটাৰ কৱলৰ পৰা তিনিটা হেৰইনৰ কন্টেনাৰ জব্দ কৰে ৷ বৰ্তমান অৱ্যাহত আছে আৰক্ষীৰ তদন্ত ৷ 

Leave A Reply