Breaking

লাহৰীঘাটত লাট মণ্ডলক উৎকোচ দিব গৈ আটক হ’ল আমছুৰ নেতা সহ দুজন

0 1,516

লাহৰীঘাট ৰাজহ চক্ৰত  লাট মণ্ডলক উৎকোচ দিব গৈ যোৱা কালি ৪ আগষ্টত আমছুৰ নেতাসহ দুজন আটক হবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৃত আমছু নেতা জনৰ নাম আনাৰুল ইছলাম আৰু আনজন হৈছে গিয়াছউদ্দিন আহমেদ ।উল্লেখযোগ্য যে ৰাজহ চক্ৰটোৰ অন্তৰ্গত ফজিলা খাতুন নামৰ এগৰাকী মহিলাই বাৰ্ষিক আয় প্ৰমাণ পত্ৰ বাবে লাহৰীঘাটৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জনাইছিল।অভিযোগ মতে, লাট মণ্ডল গৰাকীক ব্লেকমেইলিং কৰাৰ বাবে আমছুৰ নেতা আনাৰুলে মহিলা গৰাকীৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰখনৰ বাবে   লাট মণ্ডল গৰাকীক কাগজৰ মাজত ভৰাই দিছিল ধন।আমছু নেতাজনৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি লাট মণ্ডল গৰাকীয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীক  অৱগত কৰাত আমছু নেতাজৰ লগতে আনজনকো চক্ৰ বিষয়া গৰাকীয়ে লাহৰীঘাট আৰক্ষীৰ হাতত গতাই দিয়ে।উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ দাতিয়ালবড়ি আঞ্চলিকৰ  এইজন আমছু নেতাই স্থানীয় এগৰাকী শিক্ষককো ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।জানিব পৰা মতে এইজন আমছু নেতাৰ বিৰুদ্ধে লাহৰীঘাট থানাত আছে ব্লেক মেইলিঙৰ গোচৰ।

Leave A Reply