Breaking

ডিব্ৰুগড় জিলা কৃষক মুক্তিৰ দুই নেতাক গ্ৰেপ্তাৰ, কংগ্ৰেছৰ প্ৰতিবাদী শোভাযাত্ৰা, আছুৰ মটৰ চাইকেলৰ বিশাল শোভাযাত্ৰাৰে উত্তাল টিংখাঙৰ ৰাজপথ

0 1,316

টিংখাং : কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদকদ্বয় শশী শেনছোৱা আৰু হেমন্ত কোঁৱৰক দেওবাৰৰ নিশা জিলাখনৰ টিংখাং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰি নিশা টিংখাং থানাত ৰখাৰ পাছত আজি পুৱাই  দুয়োগৰাকী নেতাকে জিলা কাৰাগাৰলৈ আৰক্ষীয়ে লৈ যায়। জানিব পৰা মতে টিংখাঙৰ শালমাৰী অঞ্চলৰ এখন গাঁৱৰ এটা নামঘৰত কাৰাৰুদ্ধ কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈৰ সুস্বাস্থ্যৰ কামনা কৰাৰ লগতে অতিশীঘ্ৰ মুক্তি ‘কা’ বাতিলৰ দাবীত দেওবাৰৰ সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ পাছতে আৰক্ষীয়ে দুয়োগৰাকী নেতাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে টিংখাং থানাত ১৮৫/২০২০ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰিছে। দুয়োগৰাকী নেতাৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ১৮৮/১২৪(এ)১৫৩(এ)২৬৯/২৭০/১৭৭ ধাৰাৰ লগতে আৰ/ডব্লিউ ৫১(বি)৫২ ডি এম এক্ট ২০০৫ প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে। কৃষক মুক্তিৰ দুগৰাকী নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ কাৰ্যত সংগঠনটোৱে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে বিনা চৰ্তে মুক্তিৰ দাবী কৰিছে। ইপিনে ‘কা’ বাতিল আৰু কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতি নেতা অখিল গগৈৰ মুক্তিৰ দাবীত টিংখাং ব্লক কংগ্ৰেছ কমিটীয়ে টিংখাঙৰ ৰাজগড়ত এক প্ৰতিবাদী শোভাযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে। এই কাৰ্যসূচীত শতাধিক দলটোৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰি ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া দেখা যায়। আনহাতে আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন ঠাইৰ লগতে টিংখাং, ৰাজগড়ত ‘কা’ বাতিলৰ দাবীত এক বিশাল মটৰ চাইকেল শোভাযাত্ৰা কৰে। সহস্ৰাধিক মটৰ চাইকেলেৰে জিলাখনৰ মৰাণ নাহৰকটীয়া পথৰে ৰাজগড়, টিংখাং অঞ্চল অতিক্ৰম কৰা সদৌ অসম ছাত্ৰ সন্থাৰ শোভাযাত্ৰাকাৰী দলটোৱে ‘কা’ বাতিলৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তালেৰে আকাশ বতাহ মুখৰিত কৰি তোলে।

Leave A Reply