Breaking

জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন সন্ত্ৰাসবাদী নিহত…

0 42

মঙলবাৰে পুৱা জম্মু-কাশ্মীৰৰ বুডগাম জিলাত নিৰাপত্তা বাহিনী আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষৰ ফলত দুজন লেট সন্ত্ৰাসবাদী নিহত হয়। বিষয়াসকলে জনোৱা মতে, বুডগাম চহৰৰ জিলা আদালত কমপ্লেক্সৰ সমীপত সংঘটিত হয় এই এনকাউণ্টাৰ।

কাশ্মীৰ মণ্ডল আৰক্ষীয়ে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লেটৰ সৈতে জড়িত পুলৱামাৰ আৰবাজ মিৰ আৰু শ্বাহিদ শ্বেখ বুলি চিনাক্ত কৰিছে।কাশ্মীৰ জ’ন আৰক্ষীৰ তথ্য অনুসৰি সেনা আৰু আৰক্ষীৰ যৌথ এলেকা আধিপত্যশীল দলে এখন সন্দেহযুক্ত বাহন ৰখাবলৈ চেষ্টা চলাই সন্ত্ৰাসবাদীয়ে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে আৰু প্ৰতিশোধ হিচাপে দুজন সন্ত্ৰাসবাদী নিহত হয়। নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ।

বুডগামত আৰক্ষী আৰু সেনাই ঘেৰাও কৰে অঞ্চলটো। সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

Leave A Reply