Breaking

সৰুপথাৰ বিধানসভা সমষ্টিত দুখনকৈ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ আৰু বিল উন্নয়নৰ কাম শুভাৰম্ভ

0 1,610

আজি সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপথাৰত দুখনকৈ নৱনিৰ্মিত আদৰ্শ অংগনবাডী কেন্দ্ৰ মুকলি কৰে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে। বৰপথাৰ মৌজাৰ দীঘলি পথাৰ মাটিখোলা আৰু কৰ্দৈগুৰি গাঁৱত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন সেৱা আচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই আদৰ্শ অংগনবাডী কেন্দ্ৰ দুটা। আটক ধুনীয়াকৈ শিশু সকলক সহজে আকৰ্ষিত কৰিব পৰাকৈ নিৰ্মাণ কৰা এই আদৰ্শ অংগনবাডী কেন্দ্ৰ দুটা মুকলি কৰি বিধায়ক গৰাকীয়ে মন্তব্য কৰে যে এটি সুন্দৰ পৰিৱেশে এটি সুন্দৰ শিক্ষা ব্যৱস্থা, সুন্দৰ স্বাস্থ্য আৰু সুন্দৰ মানসিকতা গঢ়ি তুলিব পাৰি।

ইপিনে আজিৰ দিনটোতে গ্ৰাম্য উন্নয়নৰ প্ৰতি বিশেষভাৱে গুৰুত্ব দি অহা বিধায়ক গৰাকীয়ে দুখনকৈ বিল উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে নাবাৰ্ডৰ জৰিয়তে বিশ্ব বেংকৰ সাহায্যৰে মীন পালনৰ বাবে এই বিল উন্নয়নৰ কাম হাতত লোৱা হৈছে। স্থানীয় নিবনুৱা যুৱক যুৱতী সকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যেৰে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প ২০২২-২৩ বৰ্ষৰ অধীনত তথা গোলাঘাট জিলা মীন বিভাগৰ তৎপৰতাত বৰপথাৰৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হেৰহৰি বিল আৰু বচাপথাৰ বিল দুখনৰ উন্নয়নৰ কাম আৰম্ভ কৰা হৈছে। বিধায়ক গৰাকীয়ে জনোৱা অনুসৰি সমষ্টিটোত মুঠ ন খনকৈ বিলৰ উন্নয়ন কৰি এই আঁচনিৰ অধীনত মীন পালন কৰা হব।

এই মীন পালনৰ জৰিয়তে স্থানীয় বহু নিবনুৱা যুৱক-যুৱতী স্বাৱলম্বী হৈ মৎস্য উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ উজনি অসমতে ধনশিৰি মহকুমাই বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ এই অনুষ্ঠানত গোলাঘাট জিলা মীন বিভাগৰ বহুকেইগৰাকী বিষয় ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply