Breaking

হিন্দু ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে দুই মুছলমান ভাতৃয়ে

0 2,023

তেলেংগানাত কোৰোণা ভাইৰাছৰ ফলত মৃত্যু হোৱা এজন হিন্দু ব্যক্তিৰ মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি এই দুগৰাকী ভাতৃয়ে দেখুৱালে মানৱতা।

ৰাজ্যখনৰ পেড্ডা কোডাপগ্গল মণ্ডলৰ কেটপাল্লি গাঁৱৰ ঘটনা এয়া। আত্মীয় তথা পৰিয়ালৰ লোকে অন্তিম সংস্কাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা এগৰাকী হিন্দু কোভিড–১৯ ৰোগীৰ মৃতদেহ সৎকাৰ কৰি দুই মুছলমান ভাতৃয়ে উভালি পেলালে একাংশই ৰোপণ কৰা সাম্প্ৰদায়িকতাৰ বীজ৷

জানিব পৰা মতে, মৃত মঘুলিয়া নামৰ লোকজন কিছুদিন পূৰ্বে অসুস্থ হৈ পৰিছিল আৰু তেওঁৰ কোভিড–১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছিল। ৰোগ নিৰ্ণয়ৰ পিছত, তেওঁক চিকিৎসাৰ বাবে ভাঞ্চুভাদাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ মৃত্যুৰ পিছত, মঘুলীয়াৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ শৰীৰৰ সংস্পৰ্শলৈ আহিবলৈ বা সৎকাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল৷ কিয়নো পৰিয়ালৰ লোকসকলে কোভিডত আক্ৰান্ত হোৱাক লৈ শংকিত হৈ পৰিছিল।

সেই সময়তে শ্বফি আৰু আলী নামৰ দুগৰাকী ভাতৃয়ে মৃতকৰ অন্তিম সৎকাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। মঘুলীয়াৰ সৈতে কোনো তেজৰ সম্পৰ্ক নথকা সত্ত্বেও দুই ভাতৃয়ে এম্বুলেন্সত মৃতদেহ কঢ়িয়াই তেওঁলোকৰ নিজৰ চিকিৎসালয়ৰ ভাঞ্চুভাদাৰৰ নিকটতম হিন্দু শ্মশানলৈ লৈ গৈছিল আৰু হিন্দু ৰীতি-নীতি অনুসৰিয়েই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল।

মুছলমান ভাতৃদ্বয়ৰ এই মানৱীয় কাৰ্যক সাম্প্ৰদায়িকতাৰে বিৰুদ্ধে জয় হিচাপে গণ্য কৰা হৈছে, য’ত বহুতো স্থানীয় লোকে আচৰিত আৰু আনন্দ প্ৰকাশ কৰাৰ লগতে দুয়োগৰাকী ভাতৃৰ নিস্বাৰ্থ ভংগীক প্ৰশংসা কৰিছে।

Leave A Reply