Breaking

নাজিৰাৰ দুগৰাকী খেলুৱৈয়ে আজুৰি আনিলে সোণৰ পদক

0 113

কাৰাটে কিডচ জন নাজিৰাৰ দুগৰাকী খেলুৱৈয়ে আচিহাৰা কাৰাটেত ভাৰতৰ হৈ লাভ কৰিলে সোণৰ পদক । ৱেষ্ট বেংগলৰ চালচাত অনুস্থিত ইলেভেন চাউথ এচিয়ান আচিহাৰা কাৰাটে প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰে কাৰাটে কিডচ জন নাজিৰাৰ দুগৰাকী খেলুৱৈ ইফটিকাৰ ৰাব্বানি আহমেদ আৰু ইজাজ ৰাব্বানি আহমেদে।

নাজিৰা আহি পোৱাৰ পিছতে সম্বৰ্ধনা জনাই দুয়োগৰাকী খেলুৱৈ আৰু প্ৰশিক্ষকক।কাৰাটে কিডচ জন নাজিৰাৰ প্ৰেক্ষাগৃহত কাৰাটেৰ প্ৰশিক্ষণ লৈ ৱেষ্টবেংগলৰ চালচাত অনুস্থিত ইলেভেন চাউথ এচিয়ান আচিহাৰা কাৰাটে চেম্পিয়নশ্বিপত অংশ লৈছিল ইফটিকাৰ ৰাব্বানি আহমেদ আৰু ইজাজ ৰাব্বানি আহমেদে।তেওঁলোকক কাৰাটেৰ প্ৰশিক্ষণ দিছিল কুতুবুদ্দিন আহমেদে।

শিৱসাগৰৰ পৰা মুঠ ২২গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল এই চাউথ এচিয়ান আচিহাৰা কাৰাটে প্ৰতিযোগিতাত।তাৰে ১৯গৰাকীয়ে লাভ কৰে খিতাপ,৭গৰাকীয়ে সোণৰ পদক,৯গৰাকীয়ে ৰূপৰ পদক আৰু ৩গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

ৱেষ্ট বেংগলৰ চালচাত অনুস্থিত ইলেভেন চাউথ এচিয়ান আচিহাৰা কাৰাটেত দুয়োগৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰা এই পাৰদৰ্শিতা দেখুওৱাৰ বাবে কাৰাটে কিডচ জন নাজিৰাৰ প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়।লগতে প্ৰশিক্ষক কুতুবুদ্দিন আহমেদকো সম্বৰ্ধনা জনোৱা হয়।

দুয়োগৰাকী খেলুৱৈৰে অলম্পিকিলৈও যোৱাৰ ইচ্ছা।আৰু সেই ইচ্ছা পূৰণ কৰিবলৈ সাজু প্ৰশিক্ষক।

নাজিৰাৰ পৰা জাকিৰ আখটাৰ হুছেইন

Leave A Reply