Breaking

টিংখাঙত দুটা কোৱাৰেণ্টাইন শিবিৰ : তিনি পৰিয়াল হোম কোৱাৰেণ্টাইন

0 42

টিংখাং

বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা লোকসকল নিজ গৃহলৈ ক’ৰোনা ভাইৰাছৰ বাবে ঘূৰি আহিছে।এইলোকসকলক ৰাজ্যৰ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাঙত স্থানীয় প্ৰশাসনৰ সহযোগত স্বাস্থ্য বিভাগে প্ৰথম পৰ্যায়ত দুটা কোৱাৰেণ্টাইন শিৱিৰ স্থাপন কৰিছে। জানিব পৰা মতে বৃহত্তৰ টিংখাং অঞ্চলৰ তিনি সহস্ৰাধিক লোক বহিঃৰাজ্যত কৰ্মৰত হৈ আছে। ইয়াৰে অধিক সংখ্যক লোক নিজা ঘৰলৈ অহাৰ আগ্ৰহ কৰিছে। ইতিমধ্যে অঞ্চলটোৰ দুগৰাকী লোক প্ৰথমখন ৰে’লত আহি ডিব্ৰুগড়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। এই দুয়োগৰাকীকে জিলাখনৰ জকাইত স্থাপন কৰা কোৱাৰেণ্টাইন শিবিৰত স্বাস্থ্য বিভাগে ৰখা বুলি লগতে জানিব পৰা গৈছে৷ বহিঃৰাজ্যত কৰ্মৰত লোকসকলৰবাবে টিংখাঙৰ শ’লগুৰি উচ্চ মাধ্যমিক আৰু শ্ৰীবাঙ্গোৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এই দুটা শিৱিৰ স্থাপন কৰিছে। শ’লগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত থকা শিবিৰত পঞ্চাছ গৰাকী আৰু আনটো শিবিৰত পঞ্চাছ গৰাকী মুঠ এশ গৰাকীলোকক  কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে।শিবিৰ দুয়োটাতে বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা স্থানীয় অঞ্চলটোৰ লোকসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে। স্থানীয় প্ৰশাসন কোৱাৰেণ্টাইনৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে। এই পৰ্যন্ত বহিঃৰাজ্যৰ পৰা কোনো লোক শিবিৰলৈ অহা নাই যদিও দুই এদিনৰ ভিতৰতে বহুলোক ৰে’ল যোগে আহি  পাবহি । এই দুটাৰ শিবিৰৰ লগতে অঞ্চলটোৰ কেবাখনো শিক্ষানুষ্ঠানত কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰাৰ সম্ভাৱনা আছে। স্থানীয় আৰক্ষীয়ে শিবিৰ দুটাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে। ইপিনে অঞ্চলটোৰ দিল্লীবাৰী আৰু সাপকাঁইটৰ তিনিটা পৰিয়ালক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰি ৰাখিছে। গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ পৰা চিকিৎসা কৰি ঘৰলৈ অহা দিল্লীবাৰীৰ এজন ৰোগীৰ পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰা হৈছে। এই ৰোগীজনৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা সাপকাঁইটৰ ৰোগীৰ আত্মীয় দুটা পৰিয়ালকো হোম কোৱাৰেণ্টাইনত ৰখা হৈছে। উল্লেখ্য যে বি বৰুৱা হাস্পতালত কৰ্মৰত এগৰাকী লোকৰ আত্মীয় ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত মৃত্যুক সাৱতি লোৱাৰ পিছতে চিকিৎসালয়খনত চিকিৎসা লোৱা ৰোগীসকলক বিশেষ সতৰ্কতা অৱলম্বন কৰি হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে।

Leave A Reply