Breaking

যোৰহাট-মাজুলীৰ জলপথত পুনৰ সংযোজন দুই জাহাজ ইন্দ্ৰ আৰু পদ্ম

0 2,013


নিমাতি ফেৰী দুৰ্ঘটনাৰ পিছত চিংগল ইঞ্জিনৰ ব্যক্তিগত ফেৰী বন্ধ ৰখাৰ পিছত শেহতীয়াকৈ এম. ভি. ৰাজলক্ষ্মী,ডিগাৰু আৰু লোহিত নামৰ তিনি খন জাহাজ দিয়াৰ পিছত আজিৰে পৰা পুনৰ যোৰহাট মাজুলীৰ জলপথত এম ভি পদ্ম আৰু এম ভি ইন্দ্ৰ নামৰ দুখন নতুন জাহাজ চলাচল কৰিছে। যোৱাকালি আহি পোৱা নতুন জাহাজ পদ্ম আৰু ইন্দ্ৰ নামৰ জাহাজ দুখন আনুষ্ঠানিক ভাৱে মাজুলীৰ উপায়ুক্ত পুলক মহন্তই আজি ফিটা কাটি কমলাবাৰী ঘাটতে শুভাৰম্ভ কৰে। ইয়াৰে এম ভি পদ্ম চলাচল কৰিব অফলামূখ আৰু নিমাতিৰ মাজত আৰু আনহাতে এম ভি ইন্দ্ৰ চলাচল কৰিব কমলাবাৰী আৰু নিমাতি ঘাটৰ মাজত। ফেৰী দুৰ্ঘটনা পাছতে নতুনকৈ সংযোজন ঘটা নতুন জাহাজ কেইখনে ৰাস উৎসৱৰ সময়ত দুই পাৰৰ ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে মাজুলী প্ৰশাসনে। এতিয়াৰে পৰা প্ৰতি ঘন্টাৰ মূৰে মূৰে ফেৰী চলাচল কৰাৰ লগতে আৰু ৫ খন মেৰাইন ইঞ্জিনৰ চিংগল কাঠৰ নাও চলিব বুলি মাজুলীৰ উপায়ুক্তই জানিবলৈ দিয়ে।শুভাৰম্ভ অনুষ্ঠানত মাজুলীৰ ৰাজহ চক্ৰ বিষয়া কমলাবাৰী জয়দ্বীপ ৰজক সহ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply