Breaking

মুকালমুৱাৰ বনপুৰাত শিক্ষকৰ ব্লেডৰ আক্ৰমণত আহত দুই ভগ্নী। শিক্ষকৰূপী ভিনিয়েকৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে আক্ৰমণ খুলশালীয়েকক

0 63

মুকালমুৱাৰ বনপুৰাত শিক্ষকৰূপী ভিনিয়েক এজনৰ আক্ৰমণত আহত হয় দুই খুলশালী। শিক্ষক তথা ভিনিয়েকজনে প্ৰেমৰ প্ৰস্তাৱ দিছিল নিজ খুলশালীয়েক ছোনিয়া পৰবিনক। খুলশালীয়েক ছোনিয়া পাৰবিনে ভালপোৱাৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে ভিনিয়েকে ব্লেডেৰে আক্ৰমণ কৰাৰ অভিযোগ কৰে পৰায়ালৰ লোকে। বনপুৰাৰ বি.কে.চাপৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আব্দুল মাজিদ খানে (৩০) ব্লেডেৰে আক্ৰমণ কৰে দুই খুলশালীয়েকক। লম্পদ শিক্ষক জনে নিজৰে খুলশালীয়েকক দিছিল ভালপোৱাৰ প্ৰস্তাৱ।খুলশালীয়েক ছোনিয়া পাৰবিন বামুণবড়ীৰ শ্বহীদ সোঁৱৰণী কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। ছাত্রী গৰাকীয়ে ভিনিয়েকৰ প্ৰেমৰ প্ৰস্তাৱ মানি নলোৱাৰ বাবেই আজি ভিনিয়েকে শহুৰৰেকৰ ঘৰলৈ আহি ছোনিয়া পাৰবিনক ব্লেডেৰে আক্ৰমণ কৰে।

ছোনিয়া পাৰবিনক আক্ৰমণ কৰা দেখি বচাবলৈ অহা জেষ্ঠ ভগ্নী জাহানাৰ খাতুন(22) কো আক্রমন কৰে লম্পট ভিনিয়েক আব্দুল মজিদ খানে। দুই খুলশালীয়েকক আক্ৰমণ কৰি পলায়ন কৰে ভিনিয়েক আব্দুল মজিদ খানে। ভিনিয়েকৰ আক্ৰমণত আহত দুই ভগ্নীক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই। লম্পট শিক্ষক আব্দুল মজিদ খানৰ অপকৰ্মৰ ন্যায় বিচাৰি মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পৰিয়ালটোয়ে।

মুকালমুৱাৰ পৰা আজাদ আলীৰ প্ৰতিবেদন

Leave A Reply