Breaking

শ্ৰীৰামপুৰত ধপাত ভৰ্তি দুখন ট্ৰাক জব্দ

0 1,539

ৰাজ্যজুৰি ধপাত, মাদক দ্ৰব্য, ড্ৰাগছ আদিৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ সময়তে অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত যোৱা নিশা দুখন ধপাত ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰিছে৷মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সদৰি কৰা মতে ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথত নিয়মিত তালাচী চলাই থকাৰ সময়তে পশ্চিম বংগৰ পৰা ত্ৰিপুৰাগামী দুখন ধপাত ভৰ্তি ট্ৰাক শ্ৰীৰামপুৰত প্ৰবেশ কৰাৰ পিছতে আৰক্ষীৰ জালত পৰে৷তথ্য মতে এ এছ ১৭ বি/২৩৯৬ নম্বৰৰ ট্ৰাকৰ পৰা ১২২৫০ কেজি ওজনৰ মুঠ ২৪৫ বস্তা আৰু এ এছ ১৭ বি/১২৫১ নম্বৰৰ ট্ৰাকত থকা ১২৪৫০ কেজিৰ ২৪৯ বস্তা ধপাত জব্দ কৰে৷পশ্চিম বংগৰ দিনহাটাৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ সৰবৰাহ কৰিবলৈ অনা ট্ৰাকৰ চালক ক্ৰমে কোচবিহাৰ জিলাৰ নেহৰু নগৰৰ দীপক কুমাৰ পাল(৫৮) আৰু প্ৰথম খণ্ড ভগ্নীৰ বিষ্ণু দাস(৪২) ক আটক কৰিছে৷একেটা সুত্ৰে সদৰি কৰা মতে ই-ওৱে বিল আৰু টেক্স ইনভইচ্ কাগজৰ সহায়ত পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দীনহাটাৰ পৰা ত্ৰিপুৰালৈ অবৈধভাৱে দুয়োটা ধপাত ভৰ্তি ট্ৰাক বৰ্তমানে শিমুলটাপু আৰক্ষী চকীত জব্দ কৰি আইনী প্ৰক্ৰিয়া চলোৱাৰ ব্যৱস্থা গ্ৰহন কৰি থকা হৈছে৷

Leave A Reply