Breaking

লংকাৰ নখুঁটিত অস্ত্ৰসহ আটক দুই যুৱক

0 73

লংকা

যোৱা নিশা লংকাৰ নখুটিৰ ৩নং চাৰ্ঠেগাঁৱৰ পৰা তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে পহৰা দিয়া সময়ত অস্ত্ৰসহ দুই যুৱকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিছত গাঁওৰক্ষী বাহিনীয়ে যুৱক দুজনক নখুঁটি আৰক্ষীক চমজাই দিয়ে। যুৱক দুজনৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক, কিছু বাৰুদ আৰু দুখন খুকুৰী উদ্ধাৰ কৰে। আটকাধীন যুৱক দুজনৰ নাম ক্ৰমে বিল্লাল উদ্দিন, ঘৰ নখুঁটিৰ ১নং খ্ৰী খ্ৰীত  আৰু আনজনৰ নাম জুলফিকৰ আলি ঘৰ মৰিগাঁৱত। আৰক্ষী সূত্ৰে  জানিব পৰা মতে যুৱক দুজনে বনাঞ্চলত হালধী  উঠাই থকা সময়তে তহলদাৰী গাঁওৰক্ষী বাহিনীয়ে অস্ত্ৰসহ যুৱক দুজনক দেখা পাই নিশাই নখুঁটি আৰক্ষী চকীলৈ লৈ আনে। বৰ্তমানে দুই যুৱকক  আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply