Breaking

গোঁসাইগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দুই যুৱক অসম আৰক্ষীত বাছনি …

0 73

গোসাঁইগাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ দুই যুৱক অসম আৰক্ষীত বাছনি । বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক ধন্যবাদ যুৱকৰ । স্বচ্ছতাৰে অসম আৰক্ষীৰ বাছনিত সন্তষ্ট পৰিয়াল । আজি ৰাজ্যৰ আন প্ৰান্তৰ দৰে গোসাঁইগাঁও মহকুমাৰ হংস বিল গাঁৱৰ দুই যুৱক অসম আৰক্ষীত বাছনি হোৱাত আনন্দ বিৰাজ কৰিছে।

এজনো চৰকাৰী চাকৰি নথকা দৰিদ্ৰ পৰিয়ালৰ দুই যুৱকে গাওঁখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।গাঁওখনৰ বাসিন্দা সামান্ আলীৰ পুত্ৰ তথা মটৰ গেৰেজৰ শ্ৰমিক সাহাদত হুছেইন (২৭) আৰু চিৰাজ আলীৰ পুত্ৰ তথা ৰাজ মিস্ত্ৰী কাম কৰা ৰূপচান আলী (২৩) অসম আৰক্ষীত বাছনি হয়।

এটা টকা খৰচ নকৰি দক্ষতা আৰু স্বচ্ছতাৰে চাকৰি লাভ কৰাত বিজেপি চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে বিশেষকৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়।মুখ্যমন্ত্ৰীগৰাকী নিবনুৱা যুৱক যুৱতীৰ বাবে পদক্ষেপ লোৱাত বিনা পইচাত চাকৰি পোৱা বুলি প্ৰকাশ কৰে দুই যুৱকে।জানিব দিয়া মতে দুইৰো ঘৰ হংসবিল গাঁৱত।

Leave A Reply