Breaking

ধলাইবিলত পথ দুৰ্ঘটনাত দুজন যুৱক আহত

0 67

জামুগুৰিহাট

 তলাবন্ধ অব্যাহত থকাৰ মাজতে নদুৱাৰৰ অন্তৰ্গত  ধলাইবিলত মঙলবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন যুৱক। শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী নিবেশৰ অন্তৰ্গত ধলাইবিলত সংঘটিত পথ দুৰ্ঘটনাটোত ধলাইবিলৰ বৰমতা গাঁৱৰ কিষাণ কাৰ্কী আৰু নৰবাহাদুৰ দামাই নামৰ চাইকেল আৰোহী যুৱক দুজন গুৰুতৰভাৱে আহত হৈ উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে দুয়োজনকে তেজপুৰলৈ প্ৰেৰণ কৰে। ঘটনাৰ বিৱৰণী মতে মঙগলবাৰে উক্ত যুৱক দুজন বৰমতাৰ নিজ গৃহৰ পৰা এখন চাইকেলৰে ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকাৰ সময়তে পিছফালে আহি থকা এ এছ ১২ এফ ৮২৮৩  নম্বৰৰ এখন মাৰুতি কাৰে যুৱক দুজনক খুন্দা মৰাৰ ফলতে গুৰুতৰভাৱে আহত হয় দুয়োজন যুৱক৷ জানিব পৰা মতে জিলাখনৰ ৰঙাপৰাৰ ফুলবাৰীৰ গোবিন সিং নামৰ লোকজনে নিজা গাড়ীৰে ইটাখোলাৰ এঘৰ আত্মীয়ৰ পৰা নিজ গৃহ ৰঙাপৰালৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাটো সংঘটিত হয়৷ এই দুৰ্ঘটনাত চাইকেলখনৰ লগতে মাৰুতি কাৰখনৰো ক্ষতি সাধন হয়৷

Leave A Reply