লিভ-ইন ৰিলেচনশ্বিপত আহিব কঠোৰ নিয়ম !UCC

UCC । অসম বিধানসভাত সোমবাৰে অৱশেষত উত্থাপন কৰা হ’ল বহুচৰ্চিত Uniform Civil Code (UCC) বিধেয়ক। মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarmaৰ হৈ মন্ত্ৰী Atul Boraই সদনত বিধেয়কখন উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম কেবিনেট বৈঠকতে UCCৰ খচৰাত অনুমোদন জনোৱা হৈছিল।

প্ৰথম কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জনজাতীয় লোকসকলক UCC বিধেয়কৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব। লগতে ধৰ্মীয় পৰম্পৰাকো এই বিধেয়কৰ পৰা বাদ দিয়া হ’ব। বিধেয়কখনত বিয়াৰ ন্যূনতম বয়স, বহুবিবাহ আৰু ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত কৰা হৈছে।

সামাজিক ন্যায় আৰু সমতা প্ৰদানৰ লক্ষ্যৰে UCC প্ৰৱৰ্তন কৰাৰ কথা কোৱা হৈছে। ইফালে, এই বিধেয়ক প্ৰযোজ্য হ’লে লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰতো একাধিক কঠোৰ নিয়ম বলবৎ হ’ব।

বিধেয়ক অনুসৰি, বিবাহ অবিহনেও আইনীভাৱে একেলগে থকাৰ অনুমতি থাকিব যদিও তাৰ বাবে মানিব লাগিব একাধিক নিয়ম। প্ৰথমতে, লিভ-ইন ৰিলেচনশ্বিপত থকা দুই সংগীৰ মাজৰ এজনো বিবাহিত হ’ব নোৱাৰিব। দ্বিতীয়তে, লিভ-ইন ৰিলেচনশ্বিপৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰা হ’ব। সংগীৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লিভ-ইনত থকা দুই সংগীয়ে উপ-পঞ্জীয়কক বিষয়টো অৱগত কৰিব লাগিব আৰু উপ-পঞ্জীয়কে স্থানীয় থানাকো সেই বিষয়ে জনাব লাগিব। উপ-পঞ্জীয়কক নজনোৱাকৈ এমাহ একেলগে থাকিলে দোষী সাব্যস্ত হ’ব পাৰে।

উল্লেখযোগ্য যে সন্তানৰ পিতৃ-মাতৃৰ পৰিচয় নিশ্চিত কৰাৰ বাবেও এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰা হৈছে। লগতে বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়নো বাধ্যতামূলক হ’ব।

বিধেয়ক অনুসৰি, লিভ-ইন ৰিলেচনশ্বিপৰ বিচ্ছেদ দুয়ো পক্ষৰ সন্মতিতহে সম্ভৱ হ’ব। যদি সন্মতি অবিহনে যুৱতীক এৰি যোৱা হয়, তেন্তে যুৱতীগৰাকীয়ে ভৰণ-পোষণ বিচাৰি ন্যায়ালয়ৰ কাষ চাপিব পাৰিব আৰু সংগীক ভৰণ-পোষণ দিব লাগিব।

আনহাতে, ৰাজ্যৰ বাহিৰত লিভ-ইনত থাকিলেও একেই নিয়ম প্ৰযোজ্য হ’ব। লিভ-ইনত থকা সংগী দুয়োৰে বয়স ২১ বছৰৰ ওপৰত হ’ব লাগিব। যদি এজনৰ বয়স ২১ বছৰতকৈ কম হয়, তেন্তে অভিভাৱকক জনোৱা বাধ্যতামূলক হ’ব।

ইফালে, পঞ্জীয়ন অবিহনে লিভ-ইনত থাকিলে ১০ হাজাৰ টকা জৰিমনা অথবা ৩ মাহৰ কাৰাবাসৰ ব্যৱস্থাও থাকিব বুলি বিধেয়কত উল্লেখ কৰা হৈছে।

Related Articles