Breaking

ওদালগুৰি জিলা আপকু’ৰ উদ্যোগত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ পবিত্ৰ স্মৃতিত সাংবাদিক সংহতি দিৱস পালন

0 1,576

আসাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু’ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁওস্থিত কেন্দুকলাই ভৱনত অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াদেৱৰ ৩১সংখ্যক মৃত্যু দিৱস উপলক্ষে সাংবাদিক সংহতি দিৱস পালন কৰে।অনুষ্ঠানৰ কাৰ্যসূচী মতে ৰাতিপুৱা শ্বহীদ সাংবাদিক কমলা শইকীয়াদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কাৰ্যসূচীৰে জিলা আপকু ‘ৰ প্ৰাক্তন সভাপতি গিৰীশ শৰ্মাই শুভাৰম্ভ কৰে।ওদালগুৰি জিলা আপকুৰ সম্পাদক ফটিক নন্দন ৰাভাই আঁত ধৰা স্মাৰক বক্তৃতানুষ্ঠান খন সভাপতিত্ব কৰে ওদালগুৰি জিলা সমিতিৰ সভাপতি দীপক ডেকাই,অনুষ্ঠান খন উদ্বোধন কৰে প্ৰাক্তন জিলা সম্পাদক ধীৰেন মহলীয়াই।


আনহাতে অনুষ্ঠান খনত ওদালগুৰি জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদক ক্ষীৰা শইকীয়া ডেকাই।সাংবাদিকসকল সদায় স্বচ্ছ হ’ব লাগে।সাংস্কৃতিবান ব্যক্তি হ’ব লাগে।আজি শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু হোৱা দিনটোতে বিশ্বৰ খ্যাতিমান সাংবাদিক হ’বলৈ সংকল্পবদ্ধ হবলৈ আহ্বান জনায়। কবি তথা সাংবাদীক অৰূপ বড়োৰ “সন্ধান বিচাৰি” কবিতা আৰু কবি ফটিক ৰাভা, ৰাজীৱ ৰাভা,ক্ষীৰা শইকীয়া ডেকাৰ কবিতা পাঠে অনুষ্ঠান খন জীপাল কৰি তোলে।আন হাতে নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ প্ৰচাৰ বিভাগৰ প্ৰাক্তন সভাপতি গৌতম জ্যোতি তালুকদাৰে।উক্ত অনুষ্ঠান খনত উপস্থিত থাকে ক্ৰমে সাংবাদীক দ্বীপেন বৰুৱা,বিপুল হাজৰিকা, অমৰ জ্যোতি ৰাভাৰ লগতে অনুষ্ঠানত ছপা আৰু ইলেট্ৰনিক মাধ্যমৰ সকলো সাংবাদিককে উপস্থিত থাকে।

Leave A Reply