Breaking

উদ্ধব ঠাকৰেৰ পাচত এনচিপিৰ নেতা শৰদ পাৱাৰক ডাউদৰ নামলৈ ভাবুকি

0 1,282

অনলাইন বাৰ্তা : শনিবাৰে স্বয়ং মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ডাউদৰ নাম লৈ ফোনত ভাবুকি দিছিল ৷ সোমবাৰে ফোনত একেদৰে ভাবুকি দিলে মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখ আৰু এনচিপিৰ নেতা শৰদ পাৱাৰক ৷ দেওবাৰে দুয়োজন নেতাক তেওঁলোকৰ ঘৰৰ ফোনত ভাবুকি দিয়া হয় ৷ জানিব পৰা মতে এই দুয়োজনকেই ফোন কৰা হয় দেশৰ বাহিৰৰ পৰা ৷ ফোনত কি কোৱা হৈছে সেয়া মুকলি কৰা নান আৰক্ষীয়ে ৷ উল্লেখ্য যে বান্দ্ৰাত উদ্ধব ঠাকৰেৰ ঘৰৰ লেণ্ড লাইনত এটা ভাবুকিৰ ফোন আহিছিল ৷ ডন ডাউদ ইব্ৰাহিমৰ নাম লৈ এজন ব্যক্তিয়ে উদ্ধব ঠাকৰেৰ বাসভৱন ‘মাতশ্ৰী’ উৰুৱাই দিয়াৰ ভাবুকি দিছিল ৷ তাৰ পাচত উদ্ধব ঠাকৰেৰ বাংলোত নিৰাপত্তা বঢ়াই দিয়া হয় ৷

Leave A Reply