Breaking

ইউক্ৰেইনৰ এগৰাকী ফুটবলাৰৰ যুদ্ধ বন্ধ কৰিবলৈ কাতৰ অনুৰোধ!

0 2,058

ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ মাজত ভয়ংকৰ সংঘৰ্ষ।বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত হঠাতে আক্ৰমণ চলাই।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি খেলুৱৈ সকলেও ভয় খাইছে।ক্ৰীড়া জগতৰ খেলুৱৈ সকলে যুদ্ধ বন্ধ কৰিবলৈ কাতৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে নিশা ইউৰোপা লীগৰ এখন মেচত ইউক্ৰেইনৰ এগৰাকী ফুটবল খেলুৱৈয়ে বিশেষ ভংগীমাৰে এই যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনায়।ফুটবল ক্লাব আটলাণ্টা বি চিৰ ইউক্ৰেইনী মিডফিল্ডাৰ ৰুছলান মালিনোৱস্কিয়ে অলিম্পিয়কোছৰ বিৰুদ্ধে গ’ল কৰাৰ পিছত নিজৰ জাৰ্চী ওপৰৰলৈ উঠায় তাত লিখা আছিল ‘ইউক্ৰেইনত যুদ্ধ নালাগে’।

Leave A Reply