Breaking

ৰাজ‍্যৰ ঔদ্যোগিক নীতিৰ অধ‍্যাদেশৰ বিৰোধিতা আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাৰ : আত্মঘাটি সিদ্ধান্ত আখ্যা, প্ৰত‍্যাহাৰৰ দাবী ।

0 1,054

নাজিৰা : অসম চৰকাৰৰ মন্ত্ৰী পৰিষদে শেহতীয়াকৈ অনা ঔদ্যোগিক নীতিৰ অধ্যাদেশে অসমক ঔদ্যোগিকৰণৰ জৰিয়তে এখন আগশাৰীৰ ৰাজ্যত পৰিণত কৰি নিবনুৱা সমস্যাৰ আশু সমাধান কৰিব, সেই কথাৰ নিশ্চয়তা নাথাকিলেও এই কথাত তিলমানো সন্দেহ নাই যে এই অধ্যাদেশৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ হাতত বাকী থকা সমূহ কৃষি ভূমি বহিৰাগত উদ্যোগীৰ হাতলৈ বিনা বাধাই খিলঞ্জীয়া মানুহৰ স্বাৰ্থক ভৰিৰে মোহাৰি হস্তান্তৰ কৰা হ’ব। এই অভিযোগ উত্থাপিত কৰিছে আলফাৰ চেয়াৰমেন অৰবিন্দ ৰাজখোৱাই। এক বিবৃত্তিত তেওঁ কয় যে সন্দেহ একেবাৰেই নোহোৱা হ’ল যে অসমৰ সমূহ বনাঞ্চলত এতিয়াও যিখিনি জৈৱ-বৈচিত্ৰ বাকী আছে, সেইয়াও আগন্তুক তিনিবছৰৰ ভিতৰতেই বিলুপ্ত হ’ব। অসমত এতিয়াও বহু হাজাৰ বিঘা মাটি ঔদ্যোগিক অঞ্চল হিচাবে অব্যৱহৃত হৈ পৰি আছে। বহু হাজাৰ হাজাৰ বিঘা মাটি বহিৰাগত তথা সন্দেহজনক নাগৰিকে বেদখল কৰি বহি আছে। আমি নিশ্চিত যে এই তথ্য অসম চৰকাৰৰ হাতত ইতিমধ্যেই আছে আৰু চৰকাৰ সম্পূৰ্ণ ৰূপে জ্ঞাত। লাজ লাগে যদিও আজি আমি এই কথা চৰকাৰক উনুকিয়াই দিবলৈ বাধ্য। ইয়াৰ পিছতো এনে কি মহান উদ্দেশ্য আগত ৰাখি অসমৰ খিলঞ্জীয়া খেতিয়কৰ হাতত বাকী থকা মাটিখিনিও বহিৰাগতৰ হাতত বিনা বাধাই গতাই দিবলৈ অসম চৰকাৰ উঠি পৰি লাগিছে, সেইয়া আমাৰ বোধগম্য নহয়। আমি যোৱা ৮ বছৰ ধৰি অসমৰ মাটি আৰু থলুৱা মানুহসকলৰ সাংবিধানিক সুৰক্ষাৰ বাবে দিল্লীৰ লগত আলোচনা কৰি আছো। ত্ৰিপাক্ষিক আলোচনাৰ বাবে ৰাজ্য চৰকাৰৰ সমৰ্থন আমাৰ বাবে অপৰিহাৰ্য আৰু কাম্য। ‘কা’ৰ জৰিয়তে থলুৱা মানুহসকলৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টোক নস্যাৎ কৰাৰ পিছতো আমি অত্যন্ত ধৈৰ্য সহকাৰে আলোচনা আগবঢ়াই আহিছো। এতিয়া জাতি, মাটি আৰু ভেটিৰ কথা কোৱা এই অসম চৰকাৰেই আমাৰ মানুহৰ মাটিখিনিও বহিৰাগতৰ হাতত তুলি দিবলৈ বিচৰাত আমি অত্যন্ত ক্ষোভিত হৈছো। এই আত্মঘাটী সিদ্ধান্তই আমাৰ অসমৰ সকলো থলুৱা জাতি-জনগোষ্ঠীক নি:শেষ কৰি পেলাব। আমাৰ হাতত এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ বাহিৰে অন্য বিকল্প নাই। নিজ মানুহৰ চৰকাৰেই যেতিয়া আমাৰ পিঠিত কুঠাৰাঘাত কৰিছে, কেন্দ্ৰক দুখিবলৈ ৰাস্তা নাই যিহেতু সাংবিধানিকভাৱে ভূমি ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়। আমি আমাৰ নিজৰ ভূমি আৰু অধিকাৰৰ সুৰক্ষাৰ বাবে সজোৰে প্ৰতিবাদ কৰো।এই হঠকাৰী সিদ্ধান্ত তৎকালীনভাৱে বাতিল কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়|

Leave A Reply