Breaking

আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক অসম ত্যাগৰ সকীয়নি আলফা(স্বা)ৰ

0 153

জি পি সিঙক অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শন বন্ধ কৰিবলৈ সকীয়নি আলফ(স্বা)ৰ।

তিনিচুকীয়াৰ লাইপুলিত এনকাউন্টাৰ কৰা পুষ্পাঞ্জলী গগৈ নামৰ মহিলাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি স্পষ্টীকৰণ আলফা(স্বা)ৰ।

শিৱসাগৰ গেলেকীত শেন চেতিয়া নামৰ ব্যক্তি গৰাকীকো শীতল মস্তিষ্কৰে আৰক্ষীয়ে গুলীয়াই আঘাত কৰাৰ অভিযোগ।

ৰাজকোষৰ কোটি কোটি টকা অন্যায়ৰ বাবে আত্মসাৎ কৰা দুৰ্নীতিগ্ৰস্ত বিষয়া নেতাক এনকাউন্টাৰ কৰি সৎ সাহসৰ পৰিচয় দিবলৈ আহ্বান আলফ(স্বা)ৰ।

আলফা(স্বা)ৰ অভিযোগ যোৱা বছৰ এপ্ৰিলত শিৱসাগৰত সুৰয গগৈক অসম আৰক্ষীয়ে ভুৱা এনকাউন্টাৰেৰে হত্যা কৰিছিল।

অসমৰ থলগীৰিৰ ওপৰত ভুৱা এনকাউন্টাৰেৰে বীৰত্ব প্ৰদৰ্শনৰ কাৰ্য বন্ধ নকৰিলে অসম এৰি যাবলৈও সকিয়নী জিপি সিঙলৈ।

Leave A Reply