Breaking

কেন্দ্রীয় AYUSH মন্ত্রী সর্বানন্দ সোণোৱালৰ সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন

0 1,530

কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্রভাইয়ে দেওবাৰে সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন কৰি এটা বহুমুখী যোগ ভৱন আৰু এটা প্রেক্ষাগৃহ মুকলি কৰে৷ দুয়োগৰাকী মন্ত্রীয়ে প্রতিষ্ঠানটোৰ কাম–কাজৰ ভূয়সী শলাগ লয় আৰু প্রতিষ্ঠানটোক বিশ্বৰ ভিতৰতে অগ্রণী আয়ুর্বেদ অনুষ্ঠানৰূপে গঢ়ি তোলাৰ ক্ষেত্রত সকলো প্রকাৰৰ সহায়ৰ হাত আগবঢ়াই যাব বুলি আশ্বাস দিয়ে৷ প্রতিষ্ঠানটোৰ ভৱিষ্যত পৰিকল্পনাক উচ্চ প্রশংসা কৰি মন্ত্রী সোণোৱালে এই প্রতিষ্ঠানটোত বিশ্বৰ প্রথমটো আয়ুর্বেদ বায়’ বেংক স্থাপন কৰাৰ বাবে সকলো প্রকাৰৰ সহায় আগবঢ়াব বুলি লগতে উল্লেখ কৰে৷

মন্ত্রী সোণোৱালে প্রতিষ্ঠানটোৰ সঞ্চালক ডাঃ তনুজা নেচাৰিক বৈজ্ঞানিক অনুসন্ধানৰ লগতে গৱেষণাৰ সুফলসমূহ সকলো স্তৰৰ লোকৰ বাবে যাতে নিজ নিজ ভাষাত উপলব্ধ হয়, তাৰ প্রতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠানত আগবঢ়োৱা চিকিৎসাৰ প্রশংসা কৰি ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্রভাইয়ে সংযুক্ত আৰু পূর্ণাংগ চিকিৎসা সেৱা প্রদানৰ দিশত মনোনিৱেশ কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ দুয়োগৰাকী মন্ত্রীয়ে প্রায়বোৰ গুৰুত্বপূর্ণ বিভাগ পৰিদর্শন কৰে আৰু চিকিৎসা সেৱা, গৱেষণাৰ সুবিধাসমূহৰ বিষয়ে শিক্ষক আৰু শিক্ষার্থীসকলৰ সৈতে বিস্তৃতভাৱে মত বিনিময় কৰে৷ মন্ত্রীদ্বয়ে এই প্রতিষ্ঠানৰ বিশেষত্ব শিশুৰ পঞ্চকর্ম আৰু নেত্র পঞ্চকর্মৰ বিশেষ শলাগ লয়৷ দুয়োৱে আয়ুর্বেদিক দন্ত গোটৰ লগতে আয়ুর্বেদিক অস্ত্রোপচাৰ গোটৰ বুজ লয়৷

Leave A Reply