Breaking

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : আজিৰ দিনটোৰ কাৰ্যসূচী কি

0 2,179

নিশা প্ৰায় ১২.৩০ বজাত গুৱাহাটীত উপস্থিত হল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশাৰ শীত নেওচি অমিত শ্বাহক উষ্ম আদৰণি অসমবাসীৰ।

ৰাজপথত হাজাৰ হাজাৰ বন্তিৰে স্বাগতম জনোৱাৰ লগতে অসমৰ কলা-সংস্কৃতিৰেও আপ্লুত কৰে । নিশাৰ শীতত খালী ভৰিৰে খোলবাদন, সত্ৰীয়া, বিহু, বাগৰুম্বা আদিও প্ৰদৰ্শন কৰা হয় অমিত শ্বাহক আদৰণি জনোৱাৰ বাবে।

নিশাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ অসমীয়াত টুইট । টুইটতোত শ্বাহে লিখিলে- ‘গুৱাহাটী আহি পালোঁ। অসমৰ জনগণৰ অভূতপূৰ্ব আদৰণিয়ে মোক অভিভূত কৰিছে। এই উষ্ম আদৰণিৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰিবলৈ বিমান বন্দৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ দিলীপ শইকীয়া, সাংসদ পল্লৱ লোচন দাস, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, জয়ন্তমল্ল বৰুৱা প্ৰমুখ্যে বিজেপিৰ বহু নেতা কৰ্মী।

হাজাৰো অধিক সাধাৰণ জনতাইয়ো নিশাৰ শীত নেওচি উপস্থিত থাকে ৰাজপথৰ দুয়োকাষে। বৰঝাৰৰ পৰা পোনে পোনে গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত হয় আমিনগাঁও পি ডব্লিউ ডি বাংলোত ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজিৰ দিনটোৰ কাৰ্যসূচী –

পুৱা প্ৰথমে অংশগ্ৰহণ কৰিব এক ভিডিঅ’ কনফাৰেঞ্চত ।

এই ভিডিঅ’ কনফাৰেঞ্চৰ পিছতে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত আয়োজন কৰা এখন ৰাজহুৱা সভাত তেওঁ ভাগ ল’ব ।

তাৰ পিছত আমিনগাঁৱৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা অসম দৰ্শন অনুষ্ঠানৰ ভব্য গব্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব অমিত শ্বাহে । ‘অসম দৰ্শন’ আঁচনিৰ অংশ হিচাপে ৮০০০ নামঘৰলৈ আগবঢ়াব খোজা ২.৫ লাখ টকীয়া অনুদানৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰোপৰি, ৯ খন নতুন আইন মহাবিদ্যালয় আৰু গুৱাহাটীত আন এখন চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ।

সভাৰ শেষত নিশা অতিথি শালাত ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত ‌হ’ব‌ গৃহমন্ত্ৰীগৰাকী।

আজিৰ কাৰ্যসূচী সামৰি কালিলৈ পুৱা কামাখ্যা দৰ্শন কৰিব অমিত শ্বাহে ।

ইয়াৰ পিছতেই মণিপুৰলৈ ৰাওনা হব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

Leave A Reply