Breaking

অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

0 2,037

পুনৰবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী । 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । কাইলৈ প্ৰথমেই মন্ত্ৰীগৰাকীয়ে দিনৰ ১০বজাত নগাঁৱৰ পুৰণিগুদামৰ ভেৰভেৰীত দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে  সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰ উন্মোচন কৰিব ।মহামৃত্যুঞ্জয় মন্দিৰত আকাশমাৰ্গেৰে আহি উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।

২০০৪ চনৰ পৰায়ে বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰৰ । এই বৰ্ষৰ ২২ ফেব্ৰুৱাৰী পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ।

তাৰ পিচতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৪৬৮ চনতে স্থাপনা কৰা বটদ্ৰৱা থানৰ নতুন প্ৰকল্পৰ আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে। ১৮৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৰাজ্যিক অনুদানপ্ৰাপ্ত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ কামৰ মাঙ্গলিক শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই প্ৰকল্পৰ দ্বাৰা বটদ্ৰৱা থানক এখন ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণা কেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰা হ’ব ।একেদিনাই তেওঁ শংকৰী কৃষ্টি-সংস্কৃতিৰ গৱেষক, কেইবাজনো সত্ৰাধিকাৰ আৰু ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এখন চৰকাৰী সভাত স্থানীয় জনতাৰ লগতে অসমবাসীক সম্বোধন কৰিব ।

ইয়াৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্বি শান্তি চুক্তিত ভাগ ল’বৰ বাবে কাৰ্বি আংলঙলৈ যাব ।

Leave A Reply