Breaking

ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

0 146

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে-

“বকুলৰ কথা ক’লে বহুতো চিনাকি মুখ
চকুৰ আগেদি ভাঁহি যায়
বহুতো পাহৰা গান
বহু মান-অভিমান বকুলেই দিয়ে সোঁৱৰায়।

শ্ৰদ্ধাৰ ড° বীৰেন্দ্ৰনাথ দত্তদেৱে কণ্ঠদান কৰি যোৱা গভীৰ অৰ্থপূৰ্ণ গীতবোৰে আমাৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই ৰাখিছে। এগৰাকী শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক তথা সাহিত্যিক হিচাপেও সমাদৃত দত্তদেৱৰ বিয়োগ অসমীয়া সাহিত্য-সংস্কৃতি জগতৰ বাবে এক অপূৰণীয় শূন্যতা।

কেঁচামাটিৰ সৈতে সম্পৃক্ত তেখেতৰ অতুলনীয় সৃষ্টিৰাজি প্ৰতিজন অসমীয়াৰ বুকুত সজীৱ হৈ থাকিব।

এই শোকস্তব্ধ মুহূৰ্তত ড° বীৰেন্দ্ৰনাথ দত্তদেৱৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ঔঁ শান্তি।”

Leave A Reply