Breaking

নিশাৰ মহানগৰীত ৰাজপথতে ছাত্ৰ নেতাৰ প্ৰহাৰত আহত বিশ্ববিদ্যালয়ৰ ছাত্ৰ!

0 44

অসম ছাত্ৰ পৰিষদৰ ছাত্ৰ নেতাৰ বিৰুদ্ধে উঠিছে ভয়ংকৰ অভিযোগ। অভিযোগ মতে, অসম ছাত্ৰ পৰিষদৰ মহানগৰ জিলা সমিতিৰ সভাপতি অনুপম মালী আৰু সাধাৰণ সম্পাদক যুগলজ্যোতি বশিষ্ঠ গোস্বামী আৰু কৃতাৰ্থ কলিতাই আন এজন সহযোগীৰে মিলি নিশা ৰাজপথত চলাইছিল উদ্ভণ্ডালি।

অভিযোগ মতে, গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ বুলি অহা বিশ্ববিদ্যালয়ৰ ছাত্ৰ কৃষাণু আৰু তেওঁৰ ভাতৃক ৰাজপথত আগচি ধৰি চোকা অস্ত্ৰৰে কৰিছিল আক্ৰমণ। কটন বিশ্ববিদ্যালয়ৰ SNBC ছাত্ৰবাসৰ পৰা অনুসৰণ কৰি ছাত্ৰ নেতাকেইজনে হঠাতে আহি গুৱাহাটী ক্লাবৰ সমীপত কৃষাণু শৰ্মা আৰু তেওঁৰ ভাতৃক প্ৰহাৰ কৰিছিল।

চোকা অস্ত্ৰৰে কৃষাণুক মূৰত আৰু হাতত বেয়াকৈ প্ৰহাৰ কৰিছিল ছাত্ৰ নেতাই ৷ কৃষাণু শৰ্মাই ইতিমধ্যে লতাশিল থানাত গোচৰ ৰোজু কৰিছে। আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত। কিন্তু নিশা হঠাতে কিয় এই প্ৰচণ্ড মাৰপিট তাক লৈ এতিয়া ভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে ৷ আৰক্ষীৰ তদন্ততে হয়তো পোহৰলৈ আহিব কোন সঁচা কোন মিছা ৷

Leave A Reply