Breaking

আনলক ওৱানে কঢ়িয়াব নেকি দুৰ্গতি ? নাজিৰাত ৰাজপথত জনতাৰ মিছিল ।

0 607

নাজিৰা :  লকডাউনৰ ধাৰা জনসাধৰণৰ কাষ চপাই নিয়াত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ পূৰ্ণ অভিযানে ২৪ মাৰ্চৰ পৰা যিদৰে ক্ৰিয়া কৰিছিল সেই বাধ্যবাধকতা ক্ৰমাৎ মানুহৰ মনৰ পৰা আঁতৰি গৈছে। বিশেষকৈ পঞ্চম পৰ্য্যায়ৰ পৰা লকডাউন ঘোষণাক “আনলক ওৱান” অভিহিত কৰা আৰু ইয়াৰ পাছত ক্ৰমাৎ আহি পৰা শিথিলতাই এটাৰ পাছত আনটো ব্যৱসায়ৰ বিপণী খুলিবলৈ ধৰা অৱস্থাত মানুহে নিজা স্থানলৈ ঢপলিয়াই অহা যোৱা কৰা এতিয়া সহজ দৃশ্য হৈ পৰিল। এনেকি নিশাৰ সান্ধ্য আইনৰ বেলিকাও মাজনিশা পৰ্য্যন্ত ৰেচিং বাইকৰ খোলা চাইলেন্সাৰৰ শব্দই চৌপাশ উন্মূক্ত বুলি উমান দিয়া আনলক ওৱানৰ এক বৈশিষ্ট্য হৈ পৰিছে। নাজিৰা মহকুমাৰ কোনো স্থানতে আৰক্ষী আৰু প্ৰশাসনৰ কোনো তৎপৰতা পৰিলক্ষিত নোহোৱা হোৱাৰ লগে লগেই সৰ্বসাধাৰণেও কৰোণাৰ পৰা মুক্ত হৈ পৰা বুলি আত্ম প্ৰত্যয় লাভ কৰা পৰিলক্ষিত হৈছে। গড়গাঁৱত থকা কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা ১৪ জুনৰ সন্ধিয়াৰ ভাগত চন্টকৰ ঠাকুৰ উপাধিৰ এক দম্পতিক কভিড পজিটিভ প্ৰমাণ হোৱাত নিশালৈ শিৱশাগৰ কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।  এতিয়ালৈকে নাজিৰাতো সৰ্বমুঠ আঠজনৰ গাত ক’ভিড পজিটিভ পোৱা গৈছে। বহুলোকেই হোম কোৱাৰেন্টাইন আৰু হোটেল কোৱাৰেন্টাইন হৈ নিজকে ক’ৰোনাৰ পৰা দূৰত ৰোৱাৰ বাবে চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ মানি চলিছে। এইবিলাক ব্যৱস্থাৰ মাজেদিয়েই ৰাইজে আত্ম অনুশাসনৰ পালনেৰে জন সমাগমৰ থলীলৈ পৰাপক্ষত নোযোৱাকৈ থকা, যান-বাহনত ভিৰ নকৰা, বজাৰ থলীত সামাজিক দূৰত্ব বজাই ৰখা, নাক আৰু মুখত নিৰাপদ মুখ ঢাকনি ব্যৱহাৰ কৰা, হাত ধুই চাফা কৰি ৰখা আদিবোৰ নিয়ম পালন কৰিব বুলি কেৱল আশাহে কৰা হ’ল। কাৰ্য্যতঃ ক’তো চকুত নপৰা হ’ল। কিছু লোকে মাস্ক কেৱল নগৰৰ আৰক্ষীৰ সমুখ স্থানতহে ব্যৱহাৰ কৰি কভিড বেমাৰৰ সজাগতাৰ পৰিচয় জাহিৰ কৰাৰ মানসিকতাহে পোষণ কৰিছে। ক্ৰমাৎ হোটেল, কুঁহিয়াৰ ৰসৰ ব্যৱসায়, ফুস্কাৱালাৰ খালী হাতেৰে যোগোৱা খাদ্যৰ চৌকত এতিয়া মানুহৰ শাৰী পতাৰ দৃশ্য সুলভ । তড়িৎ গতিৰে বাঢ়ি যোৱা অসমৰ ক’ভিড আক্ৰান্তৰ হিচাপ সময় অধিক বাঢ়ে মানে আক্ৰান্তৰ হাৰ গুণিতক হাৰত বঢ়াৰ  প্ৰতিচ্ছবিয়ে আনলক ওৱানৰ অধীনৰ ৰাইজে মনোযোগ দিবলৈ পাহৰি গৈছে। চৰকাৰী শিথিলতা আৰু নাজিৰাৰ অভিশপ্ত ৰাজপথৰ ধূলিৰ মাজত কৰ’ণা সজাগতাৰ সকলো চৰকাৰী অনুশাসন নোহোৱা হোৱাত এতিয়া চৰকাৰী জনসংযোগ বিভাগে কেৱল মাইক বজাই ঘোষণা দিছে যদিও সেই কথাত গুৰুত্ব দিয়া নাই ৰাইজে। 

Leave A Reply