Breaking

নগাঁৱৰ হাতীজুযোৱাত বেংক চি এছ পিৰ অবাধ লুন্ঠন । হাতৰ ছাপ ব্যৱহাৰ কৰি ভূৱা একাউন্টৰ জৰিয়তে একাধিক আঁচনিৰ ধন লক্ষ লক্ষ টকা আত্মসাতৰ অভিযোগ ।

0 227

নগাঁও

 দেশৰ খাটি খোৱা ৰাইজৰ কষ্ঠোপাৰ্জিত ধন সহজে বেংকত সঞ্চয় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ভাৰতীয় বেংকসমূহে দেশজুৰি প্ৰৱৰ্তন কৰিছে লাখ লাখ গ্ৰাহক সেৱা কেন্দ্ৰ চমুকৈ চি এছ পি কেন্দ্ৰ। সংশ্লীষ্ট স্থানীয় বেংক সমূহত পঞ্জীয়নভুক্ত গ্ৰাহক সেৱাৰ এই চি এছ পি কেন্দ্ৰ সমূহত সীমিত লেনদেনৰ বাবে গ্ৰামাঞ্চলৰ দৰিদ্ৰ আৰু অশিক্ষিত ৰাইজে সহজে বেংক একাউন্ট খুলি ধন সঞ্চয় কৰাৰ লগতে চৰকাৰ জন ধন আচঁনি, প্ৰধানমন্ত্ৰীৰ বীমা যোজনা, ৰন্ধন গেছ, প্ৰধানমন্ত্ৰীৰ কৃষি সন্মান নিধি আচঁনি, সংখ্যালঘু ছাত্ৰ-ছাত্ৰী বৃত্তি, জব কাৰ্ড  আদিকে ধৰি বহু আচঁনিৰ অধীনত হিচাধিকাৰীয়ে একাউন্ট খুলিছিল । একাউন্ট খোলাৰ পিছত অধিকাংশ চি এছ পিয়ে ৰাইজৰ সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা সম্পদ গঢ়ি তুলি চহৰে-নগৰে বিলাসী অট্টালিকা সাজি তোলাতহে ব্যস্ত হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৰিদ্ৰ কৃষকসকলক সকাহ দিয়াৰ উদ্দেশে প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি আচঁনিৰ জৰিয়তে প্ৰতি ৪ মাহৰ মূৰে মূৰে কৃষক সকলৰ বেংক একাউন্টত দুহেজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই অভিলাসী আচঁনিত একাংশ বিজেপিৰ নেতা পালি নেতা আৰু একাংশ বিষয়া কৰ্মচাৰীয়ে বেংকৰ চি এছ পিৰ বাণিজ্যিক প্ৰতিনিধিৰে মিলি প্ৰকৃত কৃষকক বঞ্চিত কৰি ভুৱা কৃষকৰ নামত একাউন্ট খুলি কোটি কোটি টকা লুন্ঠন কৰাৰ অভিযোগ সৰ্বত্ৰে উঠাৰ সময়তে নগাঁও জিলাৰ গ্ৰামীণ বিকাশ বেংক ৰাইদঙীয়া শাখাৰ অধীনত থকা হাতীযুজোৱা চি এচ পিৰ  বাণিজ্যিক প্ৰতিনিধিয়ে ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। প্ৰথম অৱস্থাত এই চি এচ পিৰ স্বত্বাধিকাৰী আনজাৰ হুছেইন আছিল যদিও বিভিন্ন অনিয়ম-দুৰ্নীতিৰ তথ্য ধৰা পৰাত বেংক কৰ্তৃপক্ষই তেওঁৰ চি এচ পিটো কিছুদিন পূৰ্বে বন্ধ কৰি দিয়ে। পৰৱৰ্তী সময়ত বেংকৰ একাংশ বিষয়া-কৰ্মচাৰীক মেনেজ কৰি পুণৰ তেওঁৰ পত্নী ৰেজিনা বেগমৰ নামত চি এচ পিটো মুকলি কৰিবলৈ সক্ষম হয়। এই চি পিটোৰ জৰিয়তে স্বামীৰ পদাংক অনুকৰণ কৰি একেই দুৰ্নীতি অনিয়মত লিপ্ত হোৱাৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি পত্নীৰ নামত থকা চি এচ পিৰ জৰিয়তে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধিৰ আচনিত শ শ ভূৱা কৃষকৰ নাম সন্নিবিষ্ট কৰি লক্ষ লক্ষ টকা আনজাৰে আত্মসাত কৰিছে বুলি সৰ্বত্ৰ চৰ্চা চলিছে। নগাঁও জিলাত প্ৰধানমন্ত্ৰী কৃষাণ সন্মান নিধি আচনিত সংঘটিত কৰা দুৰ্নীতিৰ মুল নায়ক আনজাৰ হুছেইন বুলি অঞ্চলজুৰি চৰ্চা লাভ কৰিছে। অকল ইমানেই নহয়, সংখ্যালঘু ছাত্ৰ বৃত্তি, জব কাৰ্ড আদিকে ধৰি অন্যান্য আচনিতো বহু ভূৱা হিতাধিকাৰীৰ নামত ভুৱা একাউন্টৰ জৰিয়তে তেওঁ কোটিপতি হ’বলৈ সক্ষম হৈছে। যাৰ বলত তেওঁ নামে বেনামে সম্পত্তি ক্ৰয় কৰাৰ ওপৰিও বিলাসী গাড়ী ক্ৰয় কৰি দপদপাই ফুৰি গুৰু গোহাঁই নমনা হৈছে। বিভাগীয় কৰ্তৃপক্ষই সঠিক তদন্ত কৰিলেই জুলুঙাৰ মেকুৰী উলাই পৰিব বুলি  আৰ টি আই কৰ্মী  আব্দুল জলিল আকন্দ‌ই  অভিযোগ কৰিছে। 

Leave A Reply