Breaking

প্ৰধান শিক্ষয়িত্ৰী লক্ষীপ্ৰভা পেগুৰ অকাল বিয়োগ ! বিভিন্ন সংগঠনৰ শোক প্ৰকাশ… 

0 47

তেলামৰ ২ নং কমনচেলেক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষীপ্ৰভা পেগুৰ আজি স্বৰ্গগামী হয়। তেলাম নিবাসী ৰাম পেগুৰ পত্নী লক্ষীপ্ৰভা পেগুয়ে যোৱা সাত বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুস বিজ্ঞান প্ৰতিষ্ঠানত দুবছৰ আৰু গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত দুবছৰ চিকিৎসা কৰাৰ পাছত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেলতো

চিকিৎসা গ্ৰহণ কৰিছিল।শেহতীয়াকৈ কিছুদিন নিজা বাসগৃহতে থাকি ঔষধ পাতি খাই চিকিৎসা লৈ থকা অৱস্থাত আজি দুপৰীয়া ১ বজাত শিক্ষয়িত্ৰী লক্ষীপ্ৰভা পেগুয়ে শেষ নিশ্বাস ত্যাগ কৰে। ১৯৭০ চনৰ ৩১ ডিচেম্বৰত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰবিল গাঁৱত জন্ম গ্ৰহণ কৰি পৰিয়ালৰ সৈতে জোনাইৰ অমৃমপুৰত বসবাস কৰিবলৈ লয়। অমৃমপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। মূৰ্কংচেলেক মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল লক্ষীপ্ৰভা পেগুয়ে।

১৯৮৫ চনত তেলামৰ ২ নং কমনচেলেক প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে শিক্ষকতা জীৱন আৰম্ভ কৰি ২০১০ চনত একেখন বিদ্যালয়তে প্ৰধান শিক্ষয়িত্ৰী পদত অধিষ্ঠিত হয়।লক্ষীপ্ৰভা পেগুয়ে ২০২২ চনত জিলা কৃৰ্তি শিক্ষয়িত্ৰীৰ বঁটা লাভ কৰে। ইয়াৰোপৰি ২০১৪ চনৰ পৰা ২০১৭ চনলৈ লক্ষীপ্ৰভা পেগুয়ে দুবাৰকৈ জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০৩০ চনত শিক্ষকতা জীৱনৰ পৰা অৱসৰ ল’বলগা কৃৰ্তি শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে বিভিন্ন জনগোষ্ঠীয় সংগঠন, শিক্ষক সংগঠনৰ বিষয়ববীয়া, গুণমুগ্ধ আহি তেওঁৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শেষশ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ স্বামী, দুজন পুত্ৰ সন্তান, এজনী জী,জোঁৱাই, আত্মীয় স্বজনক ইহঃসংসাৰত এৰি থৈ গৈছে।

কৃৰ্তি শিক্ষয়িত্ৰী গৰাকীৰ মৃত্যুত মূৰ্কংচেলেক মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ হৰকান্ত পেগু, বিশিষ্ট শিল্পী তৰাৱতী মিলি,জোনাই মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি লীলা টায়ে ,সম্পাদক নৃপেন বুঢ়াগোহাঁই,তেলাম মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সুৰেণ বসুমতাৰী,মিচিং আগম কৌবাঙৰ তেলাম আঞ্চলিক সমিতিৰ সভাপতি চন্দ্ৰ মৰাং, সম্পাদক আকাশ কুলি,টিএমপিকেৰ তেলাম আঞ্চলিক সমিতিৰ সভাপতি কূলদ্বীপ দলে,সম্পাদক সীমান্ত কাৰ্দং,এমএমকেৰ তেলাম আঞ্চলিক সমিতিৰ সভাপতি ফুলেন্দৰ পেগু, সম্পাদক ফুলচন মৰাং,অৱসৰপ্ৰাপ্ত শিক্ষক চন্দ্ৰকান্ত ৰায়,শিক্ষয়িত্ৰী মধুৱালা গোহাঁইকে ধৰি অনেক গুণমুগ্ধই গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply