Breaking

গোলাঘাটত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ গ্ৰন্থ উন্মোচন

0 56

গোলাঘাট , ২৭ নবেম্বৰ :  গোলাঘাট জিলা সাহিত্য সভাৰ সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিক ভৱনত আজি অনুষ্ঠিত এক সভাত বিশিষ্ট লেখক অমল চন্দ্ৰ কোঁৱৰৰ ” সাম্প্ৰতিক সময় আৰু কিছু চিন্তা ” শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰা হয় । এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট বুদ্ধিজীবী, লেখক অৰুণ গোস্বামীয়ে । উক্ত সভাত জেষ্ঠ সাংবাদিক বিকাশ শৰ্মা , বিশ্ব হিন্দু পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অতুল গোহাঁই , সম্পাদক অভিজিৎ বৰা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক জিতুল ৰাজখোৱা , বিশিষ্ট চিকিৎসক ডাঃ বিপুল দাস আদিকে ধৰি গণ্য মান্য ব্যক্তি সকল উপস্হিত থাকে । বিভিন্ন কাকত আলোচনীত প্ৰকাশিত ৩২ টা প্ৰবন্ধৰ একত্ৰিত সংকলন এই গ্ৰন্থ খনি প্ৰকাশ কৰি উলিয়াইছে ৰণাংগন প্ৰকাশনে ।

Leave A Reply