Breaking

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক!

0 2,064

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আলবেনিয়াৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা আৰু বহুকেইখন ৰাষ্ট্ৰৰ দ্বাৰা সমৰ্থিত খচৰা প্ৰস্তাৱৰ ওপৰত ভোটদান অনুষ্ঠিত কৰে৷ এই প্ৰস্তাৱতো আছিল ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ‘আক্ৰমণ’ক গৰিহণা দিয়া ।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ৰ ভিতৰত ১১ খন ৰাষ্ট্ৰই ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণক গৰিহণা দিয়া প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।কিন্তু,ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে।নিৰাপত্তা পৰিষদে “ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সেনা বাহিনীক বিনাচৰ্তে তাৎক্ষণিকভাৱে যাবলৈ দাবী জনাই আৰু ইউক্ৰেইনৰ বিৰুদ্ধে বল প্ৰয়োগ তৎক্ষণাৎ বন্ধ কৰিবলৈ,তৎক্ষণাৎ সম্পূৰ্ণ আৰু চৰ্তহীনভাৱে ইউক্ৰেইনৰ ভূখণ্ডৰ পৰা আন্তৰ্জাতিকভাৱে স্বীকৃত সীমালৈ ইয়াৰ সামৰিক বাহিনী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়”।

শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আলবেনিয়াৰ দ্বাৰা পৃষ্ঠপোষকতা কৰা এই খচৰা প্ৰস্তাৱৰ ওপৰত ভোটদান কৰে পোলেণ্ড, ইটালী, জাৰ্মানী, ইষ্টোনিয়া, লাক্সেমবাৰ্গে আৰু, নিউজিলেণ্ডকে ধৰি আন কেইবাখনো ৰাষ্ট্ৰই ৰাছিয়াক সমৰ্থন কৰে। এঘাৰখন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোট দিছিল৷ আনহাতে, ভাৰত,চীন আৰু সংযুক্ত আৰৱ আমীৰশ্বাহীয়ে এই ভোট দানৰ পৰা বিৰত আছিল।নিৰাপত্তা পৰিষদৰ এজন স্থায়ী সদস্যই, ৰাছিয়াই আশা কৰা অনুসৰি প্ৰস্তাৱটোক সমৰ্থন নকৰি, ভেটো ক্ষমতা ব্যৱহাৰ কৰিছিল।

Leave A Reply