Breaking

তিতাবৰৰ চৰকাৰী আদৰ্শ শিক্ষানুষ্ঠান বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয়ত ‘উৎসৱ বিদ্যাৰম্ভ’ অনুষ্ঠিত…

0 21

অসমত চৰকাৰী শিক্ষানুষ্ঠানৰ মান দিনক দিনে অৱনমিত হোৱাৰ বাতৰিয়ে সচেতন নাগৰিকক আশাহত কৰাৰ সময়ত তিতাবৰৰ বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয়ে দেখুৱাই আহিছে এখন অগতানুগতিক প্ৰতিচ্ছবি। তিতাবৰৰ বগাৰগাঁৱত ধলী নদীৰ পাৰত প্ৰাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত বিকি দেৱী গট্টানি উচ্চ মাধ্যমিক বিদ্যালয় সম্প্ৰতি সকলোৰে বাবে আকৰ্ষণীয় কেন্দ্ৰ বিন্দু হৈ আহিছে। য’ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি নিজৰ সন্তানক নামভর্তি কৰাবলৈ ভীৰ কৰে অভিভাৱকসকল। সোমবাৰে বিদ্যালয়খনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ‘উৎসৱ বিদ্যাৰম্ভ’ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভানেত্ৰী ৰুমী দেৱীয়ে। তিতাবৰৰ নামচুঙীৰ অৰুণোদয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বিমান শইকীয়া, ৰবীন বুঢ়াগোঁহাই আদিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক পুতুল শৰ্মা, সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, শিল্পী পৱিত্ৰ শইকীয়া, লক্ষী শৰ্মা, শৰৎ ৰাও, সুশীল ভূমিজ, মানসী হাজৰিকা আদিৰ উপৰিও কেইবাশতাধিক অভিভাৱক আৰু প্ৰাক্তন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ-পৰিচালক পল্লৱ কুমাৰ গগৈৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘গড্ উইচ্’ শীৰ্ষক ইংৰাজী ভাষাত এখনি নাটক ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।

শিক্ষক নন্দন কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈয়ে বিদ্যালয়খনৰ শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ নিয়ম তথা আগন্তুক শিক্ষাবৰ্ষৰ পৰিকল্পনাৰ বিষয়ে  ভাষণ প্ৰদান কৰে। অনুষ্ঠানত প্ৰধান শিক্ষক তথা বিশিষ্ট নাট্যকাৰ-পৰিচালক, চিন্তাবিদ পল্লৱ কুমাৰ গগৈৰ দ্বাৰা ৰচিত আৰু পৰিচালিত ‘গড্ উইচ্’ শীৰ্ষক ইংৰাজী ভাষাত এখনি নাটক ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। উল্লেখ্য যে, প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈৰ বলিষ্ঠ নেতৃত্বত প্ৰণৱ কুমাৰ বুঢ়াগোহাঁই, নন্দন কুমাৰ শৰ্মা, প্ৰদীপ কুমাৰ গগৈ, স্যমন্ত মণি দাস, ঋতুৰেখা গগৈ, নন্দিতা গগৈ, ববিতা হাজৰিকা, অনন্যা বৰুৱা প্ৰমুখ্যে অঞ্চলটোৰ সৰ্বজনপ্ৰিয় সংস্কৃতিবান শিক্ষাগুৰুসকলে বিগত বৰ্ষসমূহত প্ৰদান কৰি অহা গুণগত বিদ্যায়তনিক আৰু অবিদ্যায়তনিক শিক্ষাদানৰ প্ৰতি আকৃষ্ট হৈ ইতিমধ্যে চাৰিশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা বিদ্যালয়খনত উৎসৱ বিদ্যাৰম্ভৰ দিনটোতে অঞ্চলটোৰ ৭১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰাৰ লগতে মমী বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে যোগদান কৰাত শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী আৰু পৰিচালনা সমিতিক উৎসাহিত কৰি তোলে।

Leave A Reply