Breaking

নাবালিকাক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড, ১০ লাখ টকাৰ জৰিমনা

0 54

নাবালিকাক ধৰ্ষণৰ গোচৰত উত্তৰ প্ৰদেশৰ বিজেপি বিধায়কক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ১০ লাখ টকাৰ জৰিমনা বিহিছে আদালতে। উত্তৰ প্ৰদেশৰ এজন বিজেপি বিধায়কক এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ কথাই এতিয়া বেছ চৰ্চা লাভ কৰিছে।

ৰাজ্য খনৰ দুধিৰ বিজেপি বিধায়ক ৰামদুলাৰে গন্দে তেওঁৰ বিধায়ক পদটোও হেৰুৱাব। ন বছৰ পূৰ্বে তেওঁৰ বিৰুদ্ধে এগৰাকী নাবালিকাক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। শুকুৰবাৰে লক্ষ্ণৌৰ এমপি-এমএলএ আদালতেও ৰামদুলাৰৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰাৰ লগতে ওপৰত ১০ লাখ টকাৰ জৰিমনাও বিহে।

২০১৪ চনত ৰামদুলাৰৰ পত্নী দুধি বিধানসভা সমষ্টিৰ অন্তৰ্গত এখন গাওঁ পঞ্চায়তৰ মুৰব্বী আছিল। ইয়াৰ উপৰি ৰামদুলাৰে অঞ্চলটোত বাহুবলী নামেৰে জনাজাত আছিল। তেওঁ ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰি আছিল। ৪ নৱেম্বৰ ২০১৪ তাৰিখে, মেয়ৰপুৰ আৰক্ষী থানাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ পঞ্জীয়ন কৰা হৈছিল। তেতিয়াৰে পৰা গোচৰটো চলি আছিল।


ৰামদুলাৰে যোৱা বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে দুধিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। পৰৱৰ্তী সময়ত ৰামদুলাৰৰ গোচৰটো বিধায়ক-এমপি আদালতলৈ স্থানান্তৰ কৰা হয়। আদালতে তেওঁক মঙলবাৰে দোষী সাব্যস্ত কৰিছিল আৰু শুক্ৰবাৰে শাস্তি প্ৰদান কৰে।

আদালতৰ ৰায়ৰ পিছত ৰামদুলাৰে উত্তৰ প্ৰদেশৰ বিধায়কৰ পদো হেৰুৱাব। অৱশ্যে, ৰাজ্যখনত বিজেপি চৰকাৰ সংকটত পৰাৰ কোনো সম্ভাৱনা নাই। ৪০৩ জনীয়া উত্তৰ প্ৰদেশ বিধানসভাত কেৱল বিজেপিৰেই ২৫৪ জন বিধায়ক আছে। আইন অনুসৰি যদি এজন জন প্ৰতিনিধিক আদালতৰ দ্বাৰা দুবছৰ বা অধিক সময়ৰ বাবে কাৰাদণ্ড বিহা হয়, তেন্তে তেওঁৰ পদ বাতিল কৰা হয়।

Leave A Reply