ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰোণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰোণা আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ৭জুলাইত ওদালগুৰিত ৩১ গৰাকী ক’ৰোণা আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ৫জুলাইলৈ আক্ৰান্তৰ সংখ্যা ৩৮৫১ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ৫জুলাইত ৭২৪গৰাকীক পৰীক্ষা কৰাৰ পিছত ৩১ গৰাকীৰ দেহত কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৩৮৫১ ক’ভিড আক্ৰান্তৰ ভিতৰৰ ৩৫৯৪ জনক ক’ভিড মুক্ত ঘোষনা কৰাৰ লগতে ওদালগুৰিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ ১৭৪ আইচিলেচনত, ১৯৪ সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা ৫ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৩৯৮৩৯গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ২০১ গৰাকীক ৰেট পৰীক্ষাত ১১ গৰাকী ক’ভিড চিনাক্ত কৰা হৈছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান
- গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান
- মহানগৰ জিলা কংগ্ৰেছৰ উদোগত খাৰঘূলিত পানীৰ পাইপ ফুটি ঘৰ বিধস্ত হোৱা ২২ টা পৰিয়ালক টিনপাত বিতৰণ
- ছ’চিয়েল মিডিয়াত ইজনে সিজনক কৰিলে আনফ’ল’, গোপনে গোপন প্ৰেমৰ ব্ৰেকআপ ছাৰা-শুভমানৰ…
- হিজাব পিন্ধি খাদ্য খোৱা যুৱতীগৰাকীৰ সমৰ্থনত দংগল অভিনেত্ৰী জাইৰা ৱাছিমে ক’লে- ‘মইও এনেকৈ খাওঁ’…
- ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
- আমেৰিকাত দুটা ছিঙৰাৰ মূল্য ৫০০ টকা। ছিঙৰাৰ মূল্যক লৈ অতিষ্ঠ ইউটিউবাৰ ড্ৰু হিক
- ৰসাল লিচু স্বাস্থ্যৰ বাবে অতি উপকাৰী, ডায়েবেটিছ ৰোগীয়ে লিচু খাব লাগে নে…
- অনুষ্কা শৰ্মাৰ ডাঙৰ সিদ্ধান্ত! এবছৰত মাত্ৰ ১খন ছবিৰ অভিনয়হে কৰিব অনুষ্কা শৰ্মাই…
- বৰষুণৰ বাবে স্থগিত হ’ল IPLৰ ফাইনেল।অনুৰাগীয়ে ৰে’লৱে ষ্টেচনতে শুই বহি সময় কটালে…