Breaking

গোলাঘাটৰ গুদামত পচিছে দমে দমে মূল্যবান ঔষধ

0 2,014

-গোলাঘাটত বহু দৰিদ্ৰ লোকে এটা ঔষধ বিচাৰি হাবাথুৰি খোৱাৰ সময়তে পোহৰলৈ আহিছে অন্য এক  ঘটনা।জানিব পৰা মতে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ গুদামত বহু মূল্যবান ঔষধ পচিব ধৰিছে।যি ঘটনাই এতিয়া সৰ্বত্ৰে পতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ভুক্তভোগী ৰাইজৰ অভিযোগ অনুসৰি ৰাইজে চৰকাৰে প্ৰদান কৰা ঔষধ বিচাৰি গলে দিবলৈ অপাৰগ হোৱা চিকিৎসাকৰ্মী সকলে গুদামত এনে বহু মূল্যবান ঔষধ নষ্ট কৰি দিয়া পৰিলক্ষিত হৈছে।ফলত ম্যাদ উকলি যোৱা এই ঔষধ সমূহ পচিবলৈ আৰম্ভ কৰিছে আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ নিৰ্দেশমৰ্মে এই ঔষধসমূহ পেলাই দিয়া দেখিবলৈ পোৱা গৈছে। কাৰ গাফিলতিত এনেদৰে গুদামত ঔষধ পচিবলৈ ধৰিছে সেই লৈ এতিয়া সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। অতি সোনকালে এই ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে।ইফালে সচেতন মহলেও এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে।

Leave A Reply