Breaking

মুষলধাৰে অহা এজাক বৰষুণত কাকপথাৰৰ বিভিন্ন অঞ্চল জলমগ্ন । ঘৰ দুৱাৰ বুৰ গল বহু লোকৰ ; মৎস্য, শস্যৰ ব্যাপক অনিষ্ট সাধন ।

0 1,290

ডিৰাক সীমান্ত : ইটোৰ পিছত সিটো দুৰ্যোগে দেখা দিয়া ৰাজ্যখনত পুনৰ ৰুষ্ট হৈ পৰিছে প্ৰকৃতি। ক’ৰণা মহামৰীয়ে ৰাইজৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰাৰ পাছতে এইবাৰ বৰুণ দেৱতাইও মানৱ জাতিৰ ওপৰত ৰুষ্ট হৈ পৰিছে। নেৰা নেপেৰাকৈ মুখলধাৰে দি থকা বৰষুণৰ ফলত জলমগ্ন হৈ পৰে তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত অসংখ্য গাঁও। ৰাজহ চক্ৰৰ অন্তৰ্গত কঁপাহতলী, ৰংপুৰীয়া, কুৰুকানী, বৰডিৰাক, চোমণি, চোমনি মাজুলী, ২নং সৰুডিৰাক,  থাপাবাৰী,  মজবাৰী, বগৰিবাৰী, দ-পথাৰ, চেঙেলী, সৰুমেচাই, নলাকান, কলিতা চুক, গন্ধৈগুৰি হাঁহখাটী, আহোম পথাৰ, ধলা মিৰিপথাৰ, ছৈখোৱা আদিকে ধৰি বিভিন্ন গাঁও  পানী বুৰাই পেলাইছে। আনহাতে টঙনা, কৈলাশপুৰ, কাচিজান আদি গাঁওসমূহতো বৰষুণৰ পানীয়ে প্লাবিত কৰি কৃষি শস্যৰ অনিষ্ট কৰিছে। বহুলোকৰ ঘৰ-দুৱাৰ, কঠীয়াতলী, শাক-পাচলি পানীত বুৰ যোৱাৰ উপৰিও পুখুৰীত মেলি থোৱা মাছ-কাছ ওলাই গৈছে। কৃষিজীৱি, মৎস্যজীৱি গঞা ৰাইজৰ সকলো শেষ কৰি নিয়াত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। নেৰা নেপেৰা বৰষুণে ইতিমধ্যে গ্ৰাম্য অঞ্চলৰ মুখ্য পথসমূহ পানী বুৰাই পেলোৱাৰ উপৰিও চৰকাৰৰ বিভিন্ন আঁচনিত নিৰ্মিয়মান পথৰ ব্যাপক ক্ষতি হৈছে। গ্ৰাম্য জনসাধাৰণৰ একমাত্ৰ উপাৰ্জনৰ থল কৃষি শস্য আৰু মৎস্য উৎপাদনত বাঢ়নী পানীয়ে বিধস্ত কৰাত সকলোৱে মুৰে কপালে হাত দিবলগীয়া হৈছে। এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ লগতে সামাজিক দল-সংগঠনে আহ্বান জনাইছে।

Leave A Reply