Breaking

মিচিং জাতীয় সংগঠনৰ যুৱ নেতা ৰমেন টায়েৰ অকাল বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

0 128

মিচিং জাতীয় সংগঠন এমএমকে শিৱসাগৰ জিলাৰ কাৰ্যনিৰ্বাহক সদস্য যুৱ নেতা তথা ব্যৱসায়ী ৰমেন টায়ে (৪৪) বুধবাৰে দিনৰ ১১.৪০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

ডিমৌ সমীপৰ নিতাইপুখুৰী লাচনগাঁও নিবাসী ৰমেন টায়েক ২৭ নবেম্বৰত প্ৰেচাৰ ষ্টক হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰে৷

বুধবাৰে তেওঁৰ অৱস্থা অধিক অৱনতি হোৱাত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱটি লয়৷ উল্লেখ্য যে মিচিং জাতীয় সংগঠন এমএমকে শিৱসাগৰ জিলাৰ কাৰ্যনিবাহক সদস্য হিচাপে কাৰ্যনিবাহ কৰা ৰমেন টায়ে অঞ্চলটোৰ সকলোৱে মাজত জনপ্ৰিয় আৰু অতি বিনয়ী আছিল৷

যুৱ নেতাগৰাকীৰ অকাল বিয়োগত এমএমকে শিৱসাগৰ জিলাৰ সভাপতি দীনেশ পাংগিং , দিহিংমুখ আঞ্চলিকৰ সভাপতি কমল টাইদ , সম্পাদক দেৱজিৎ টাই , টিএমপিকে দিহিংমুখ আঞ্চলিকৰ সভাপতি প্যাৰজ্যোতি টাৱ , দিহিংমুখ বাংকে আগম কৌবাঙৰ সভাপতি দণ্ডিনাথ মৰাং , সম্পাদক হৰেন দলে , টিএমএমকে দিহিংমুখ আঞ্চলিকৰ সভানেত্ৰী দীপাঞ্জলী বড়ীকে ধৰি দল-সংগঠন আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত মাতৃ , পত্নী , দুই পুত্ৰ-কন্যা , এজন ভ্ৰাতৃ আৰু এগৰাকী ভগ্নীক এৰি থৈ যায়৷

Leave A Reply