Breaking

ধুবুৰীত চোৰাং ৭ টা গৰুসহ বাহন জব্দ।

0 2,020

 ধুবুৰীত নিতৌ আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰু। পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিছিল গৰু ভৰ্তি বলেৰ পিক আপ ভান। গোপন খবৰৰ ভিত্তিত আগমনী আৰক্ষীয়ে বলেৰ বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও নিৰ্দেশ অমান্য কৰি গাড়ীখন পলায়ন কৰে। আগমনী আৰক্ষীয়ে গৰু ভৰ্তি বাহনখনক খেদি খেদি বালাজান আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত ডুমৰদহ গাৱৰ পৰা WB63 B – 2956 নম্বৰৰ বলেৰ গাড়ীসহ ৭ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়।  গৰু সৰবৰাহ কৰা বাহনখনৰ চালক গাড়ী এৰি পলায়ন কৰে। ঘটনাৰ সৈতে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইপিনে খেদি অহা আগমনী আৰক্ষীৰ বাহন খন গছত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্থ হয়।  গাড়ীখনৰ অলপ ক্ষয় ক্ষতি হয় যদিও আৰক্ষীৰ কোনো লোকৰ ক্ষয় ক্ষতি হোৱা নাই। সম্প্রতি গাড়ী আৰু গৰুবোৰ বালাজান আৰক্ষীয়ে জব্দ কৰিছে। 

Leave A Reply