Breaking

প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ শেষ নিশ্বাস ত্যাগ…

0 113

হিন্দী আৰু মাৰাঠী ছবিৰ বিখ্যাত প্ৰবীণ অভিনেতা বিক্ৰম গোখলেই ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনেৰ পণ্ডিত দীননাথ মংগেশকাৰ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। সূত্ৰ মতে, তেওঁ যকৃতৰ গুৰুতৰ ৰোগত আক্ৰান্ত আছিল, তেওঁৰ শৰীৰৰ বহু অংগই কাম কৰা বন্ধ কৰি দিছিল।

নিপুণ অভিনেতা গোখলেই বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ‘হম দিল দে চুকে সনম’ পৰা ‘ভূল ভূলীয়া’, ‘দিল ছে’, ‘দে দনা দন’, ‘অগ্নিপথ’, ‘মিছন মংগল’ আদি ছবি আছিল অন্যতম ৷

উল্লেখ্য যে অভিনেতা বিক্ৰম গোখলেৰ জন্ম হৈছিল ১৯৪৭ চনৰ ৩০ অক্টোবৰত পুনেত। তেওঁ এটা চলচ্চিত্ৰ পৰিয়ালৰ পৰা আহিছিল। তেওঁৰ পিতৃ চন্দ্ৰকান্ত গোখলে মাৰাঠী অভিনেতা আছিল, আনহাতে আইতাকে শিশু শিল্পী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল। ১৯৭১ চনত মুক্তি পোৱা ‘পাৰৱানা’ ছবিৰ জৰিয়তে বিক্ৰম গোখলেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।


গোখলেৰ অভিনয় জীৱন অতি দীঘলীয়া। তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল চলিত বৰ্ষত মুক্তি পোৱা শিল্পা শ্বেট্টীৰ ছবি ‘নিকম্মা’ত।

Leave A Reply