Breaking

শান্তি নিৱাসৰ অনাথৰ সতে ওপজা দিন উদযাপন প্ৰবীণ খেলুৱৈ জিতেন্দ্ৰ শৰ্মাৰ

0 548

মানুহৰ মৰমে দীৰ্ঘ সময় জীয়াই ৰাখে মানুহক” :-: ডাঃ বিপিন চন্দ্ৰ কলিতা।

মানুহৰ মৰমে দীৰ্ঘসময় জীয়াই ৰাখিব পাৰে আমাৰ জ্যেষ্ঠ জনক । মানুহ যিহেতু সামাজিক প্ৰাণী সেয়ে সমাজৰ প্ৰতিটো প্ৰজন্মৰ সতে সহাৱস্থান কৰাতো মানৱীয় ধৰ্ম ।  যিমানেই বয়স বাঢ়ি আহে সিমানেই মানুহ মৰম আকলুৱা হয় , হয়তো সেয়ে পুত্ৰ, কন্যা , নাতি , নাতিনীৰ পৰা শেষকালত জোখতকৈ বেছি মৰম ,ভালপোৱা বিচাৰে অশীতিপৰজনে ।  এই মন্তব্য বিশিষ্ট লেখক , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডাঃ বিপিন চন্দ্ৰ কলিতাৰ । আজি নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত প্ৰবীণ খেলুৱৈ ,অতিজেষ্ঠ নাগৰিক জিতেন্দ্ৰ নাথ শৰ্মাৰ ওপজা দিনৰ ওলগনি অনুষ্ঠান শুভাৰম্ভ কৰি তেওঁ আকৌ কয় যে প্ৰতিটো জন্ম দিনে এক আশাৰ বতৰা কঢ়িয়াই আনে । জেষ্ঠ সাংবাদিক , শান্তি নিবাসৰ পৰিচালক মজিবুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোৰ পূৰ্বে শৰ্মাই তেওঁৰ পুত্ৰ বিশিষ্ট নাট্যকাৰ , সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ সতে নিবাসৰ অনাথ সকলৰ মাজত কল , আপেল , মৌচুমী , আঙুৰ ,মিঠাই আদি বিতৰণ কৰে । নিজৰ ৮৪ বছৰত ভৰি দিয়াৰ অনুভৱ ব্যক্ত কৰি জিতেন্দ্ৰ নাথ শৰ্মাই কয় আৰ্তজনৰ সতে জীৱনৰ সুখ ,দুখ ভগাই লোৱাৰ মাদকতাই সুকীয়া । নিজৰ ওপজা দিনটো এনেদৰেই শান্তিৰ পৰিৱেশত অতি সাধাৰণকৈ উদযাপন কৰি খুবেই সুখী বুলিও মন্তব্য কৰে শৰ্মাই । আনহাতে আশ্ৰমৰ ফালৰ পৰাই কভিড নিয়ম পালন কৰি সাংবাদিক মজিবুৰে তেওঁ তেওঁৰ সুস্বাস্থ্য কামনা কৰি ফুলাম গামোচা , অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্ভাষণ জ্ঞাপন কৰে । মজিবৰে কয় ২০১৭ চনত ৰাজহুৱাকৈ লিটিল ফ্লাৱাৰ স্কুল প্ৰাংগণত অভিনন্দন প্ৰাপ্ত শৰ্মা এজন যথাৰ্থতে ভদ্ৰলোক আৰু ভাল মানুহ । পাঁচটাকৈ উচ্চতম শিক্ষাৰে শিক্ষিত গুণী সন্তান জন্ম দিয়া তেওঁ এজন সফল অভিভাৱক । শৰ্মাৰ একমাত্ৰ পুত্ৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সংশ্লিষ্ট সকলো পক্ষৰ শলাগ লৈ কয় তেওঁৰ পিতৃ শৈশৱৰ পৰাই তেওঁৰ আদৰ্শ পুৰুষ । যিয়ে শিকাইছে জীৱনৰ আদি বৰ্ণমালা আৰু সমাজৰ সেন্দুৰীয়া দিশ । ইফালে আজি নলবাৰী ষ্টেট বেংক অব ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক প্ৰশান্ত দাস , বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য , অভিনেতা মৃদুল ভূঞা , চম্পক শৰ্মা , ভৱেশ বৰুৱা , তৌফিক ৰহমান , প্ৰযোজক সুভাষ দাস , শ্বানসৌৰাং বসুমতাৰী , প্ৰনৱ বৰ্মন, নাট্যকৰ্মী- সম্পাদক দীপক কলিতা , সাহিত্য সংগঠক গোবিন্দ কলিতা , জোন বৰ্মন, নৰেশ্বৰ কলিতা, শিক্ষাব্ৰতী যজ্ঞেশ্বৰ বুজৰ বৰুৱা , তৰণী শৰ্মা , শচীন শৰ্মা  , ছাত্ৰ নেতা ভৱজিত বেজবৰুৱা , ৰিয়াজ উদ্দিন আহমেদ ,গুণজ্যোতি পাঠক , অক্ষয় ডেকা , পাৰ্থ প্ৰতীম শৰ্মা , প্ৰাঞ্জল কলিতা , নাট্য সন্মিলনৰ জয়ন্ত হাজৰিকা , কৰ্মচাৰী পৰিষদৰ বিকাশ ভট্টাচাৰ্য , পংকজ বৰ্মন সাংবাদিক মহিবৰ ৰহমান , শ্বাহ আলম আহমেদ , বীৰেণ কলিতা, ৰমেন কলিতা , কিশোৰ কলিতা ,  বসন্ত দাস , মানিক ডেকা , কমলেশ শৰ্মা ,শশাংক শৰ্মা, মনোজ শৰ্মা, ফাইজুৰ ৰহমান আদিৰ উপৰিও কেবাগৰাকী সাংবাদিক তথা সামাজিক সংগঠনৰ নেতৃত্বত থকা শুভাকাংক্ষীয়ে প্ৰবীন  খেলুৱৈ গৰাকীক সামাজিক মাধ্যমৰ যোগেদি ওপজা দিনৰ ওলগনি জনায় ।

Leave A Reply