Breaking

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ…

0 118

বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশঃ

মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত  দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত  দেহাৱহান ঘটিছে ৷ মৌজাদাৰ, সমাজকৰ্মী চন্দ্ৰকান্ত দলেৰ  জন্ম হৈছিল  ১৯৩৪ চনত ৷  তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত গণেশ পাতিৰি দলে আৰু মাতৃৰ নাম আছিল প্ৰয়াত আন্দহ দলে ৷ ১৯৪২ চনত মৌজাদাৰ তথা বৰ্ষীয়ান সমাজকৰ্মী চন্দ্ৰকান্ত দলেয়ে তেতিয়াৰ লখিমপুৰ জিলাৰ তৰাজান প্ৰাথমিক বিদ্যালয়ত ‘ক’ আৰু ১৯৪৩ চনত পথালিপাম আনন্দ বাগান প্ৰাথমিক বিদ্যালয়ত ‘খ’ শ্ৰেনীলৈকে অধ্যয়ন কৰিছিল ৷ ১৯৪৭ চনত গোগামুখ চাউলধোৱা এম ই স্কুলত তৃতীয় আৰু ১৯৪৮ চনত চতুৰ্থ শ্ৰেনীলৈকে অধ্যয়ন কৰে ৷ ১৯৪৯ চনত ন-পথালিপাম তিনি আলি এম ই স্কুলত পঞ্চম শ্ৰেনীলৈকে শিক্ষা গ্ৰহণ কৰে ৷ ১৯৫০ চনত গোগামুখ চাউলধোৱা এম ই স্কুলত ষষ্ঠ শ্ৰেনীত নাম ভৰ্ত্তি কৰিছিল যদিও ১৯৫০ চনৰ ভৰভূঁইকঁপে সমগ্ৰ অসম জোকাৰি যোৱাৰ লগতে বানে মহাপ্লাৱনৰ সৃষ্টি কৰাত সমগ্ৰ অসম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল ৷ ফলত তেওঁ ষষ্ঠ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিলে ৷ ১৯৫১ চনত লখিমপুৰৰ ন-কাড়ী মধ্যমীয়া এম স্কুলৰ পৰা দ্বিতীয় বিভাগ লৈ এম ই স্কুলৰ পৰা হাইস্কুললৈ উৰ্ত্তীণ হয় ৷ ১৯৫২-১৯৫৫-১৯৫৬ চনৰ ভিতৰত উত্তৰ লখিমপুৰ চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উৰ্ত্তীণ হয় ৷ ১৯৫৬ চনৰ পৰা ১৯৫৯ চনলৈকে কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ইশ্বৰ চন্দ্ৰ মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰিছিল যদিও কিছুমান এৰাব নোৱাৰা ঘৰুৱা কামৰ বাবে আনুষ্ঠানিক শিক্ষা ইমানতে সামৰণি মাৰে ৷ যিসময়ত মিচিং অধ্যুষিত অঞ্চলত শিক্ষাৰ পোহৰ পৰা নাছিল সেইসময়ত কলকাতাত উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাটো অতি গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছিল ৷

প্ৰয়াত চন্দ্ৰকান্ত দলে প্ৰচাৰ বিমুখ মানুহ আছিল ৷ গহীন-গম্ভীৰ, মিতব্যয়ী প্ৰয়াত দলে বিতৰ্কহীন ব্যক্তি আছিল।   সামাাজিক-সাংস্কৃতিক আদি দিশত তেওঁ সচেতন আছিল  ৷ সমগ্ৰ গোগামুখ অঞ্চলত তেওঁ  বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গঢ় দি সমাজক উপহাৰ দি গৈছে ৷ তেওঁ ধেমাজি জিলাৰ চিচিমুখ হাইস্কুলৰ প্ৰতিস্থাপক শিক্ষক আছিল ৷ তেওঁ এইখন বিদ্যালয়ত গণিত বিভাগত  ১৯৬০ চনৰ পৰা ১৯৬৪ চনলৈকে শিক্ষকতা কৰিছিল যদিও তেওঁৰ পিতৃৰ অকস্মাৎ বিয়োগৰ বাবে বিদ্যালয়খন এৰি দিব লগা হয় ৷ ইয়াৰ বিপৰীতে তেওঁ ঘৰতে থাকি দদায়েক ইন্দ্ৰেশ্বৰ দলেৰ মৌজাৰৰ কাম-কাজসমূহ চলাই নিয়াত সহযোগ কৰে ৷ তেওঁ গোগামুখৰ মিংমাং উৰিয়ামগুৰি এম ই স্কুল, হাইস্কুল, মহৰিকেম্প এম ই স্কুল আৰু  হাইস্কুল প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু বিদ্যালয়সমূহৰ ভূমি সংক্ৰান্তীয় কামবোৰ অকলেই কৰি দিছিল ৷ ১৯৮১ চনত প্ৰতিষ্ঠা কৰা গোগামুখৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয় গোগামুখ মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত চন্দ্ৰকান্ত দলেৰ ভূমিকাই আছিল সৰ্বাধিক ৷ যিটোৰ কাৰণে গোগামুখবাসী ৰাইজে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছিল ৷ তেওঁ গোগামুখ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিস্থাপক সভাপতি আছিল ৷ মহাবিদ্যালয়খনৰ বাবে মাটি মঞ্জুৰী, চৰকাৰী ঘাটি মঞ্জুৰীৰ ক্ষেত্ৰত লেখতলবলগীয়া ভূমিকা পালন কৰাৰ সমান্তৰালভাৱে মৃত্যুৰ আগমূহূৰ্তলৈকে গোগামুখ মহাবিদ্যালয়খনৰ সৰ্বাংগীন বিকাশৰ বাবে অক্লান্তভাৱে প্ৰচেষ্টা চলাইছিল ৷ গোগামুখ মহৰিকেম্পৰ ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰখন প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰয়াত চন্দ্ৰকান্ত দলেৰ অৱদানেই আছিল প্ৰধান ৷ মিংমাং মহাবিদ্যালয়ৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰো তেওঁ প্ৰতিস্থাপক সভাপতি আছিল ৷

১৯৯৩ চনৰ পৰা ২০০৬ চনলৈকে তেওঁ এইখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আছিল ৷ তদুপৰি তেওঁ সমগ্ৰ গোগামুখ অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জৰিত থাকি দান-বৰঙনি আগবঢ়াই আহিছিল ৷ প্ৰয়াত দলেয়ে তেওঁৰ খুৰাক ইন্দ্ৰেেশ্বব দলেৰ মৌজাদাৰ কৰা দিনৰ পৰাই মৌজাদাৰৰ বিভিন্ন কাম ৰূপায়ন কৰি আহিছিল ৷ ১৯৭৩ চনত তেওঁৰ খুৰাক ইন্দ্ৰেশ্বৰ দলেৰ দেহাৱহান ঘটাত দলেৰ পত্নী ললিতী দলেয়ে ভাৰপ্ৰাপ্ত মৌজাদাৰৰ দায়িত্ব পালন কৰে যদিও মৌজাদাৰৰ সকলোবোৰ কাম-কাজ চন্দ্ৰকান্ত দলেয়ে কৰিবলগা হৈছিল ৷ ১৯৭৫ চনত তদানীন্তন লখিমপুৰ জিলা উপায়ুক্ত প্ৰবীৰ কুমাৰ সেনগুপ্তাই চন্দ্ৰকান্ত দলেক আনুষ্ঠানিকভাৱে বৰদলনি মৌজাৰ মৌজাদাৰ পদত নিযুক্তি দিয়ে ৷ তেওঁ পাতিৰি দলে বংশাৱলী নামৰ এখন গ্ৰন্থও প্ৰণয়ন কৰি দলে বংশৰ ইতিবৃত্ত ধৰি ৰখাত সহায় কৰিলে ৷ এইগৰাকী বৰ্ষীয়ান সমাজকৰ্মী, সমাজ সংগঠক চন্দ্ৰকান্ত দলেৰ জীৱিতকালতে তেওঁৰ সন্তানসকলে গোগামুখ নগৰৰ মাজমজিয়াত এখন বিৰাটকায় মাৰ্কেটিং চেন্টাৰ চন্দ্ৰকান্ত দলেৰ নামত উৎসৰ্গা কৰি  পিতৃক উপযুক্ত সন্মান যাঁচিছে ৷ গোগামুখ নগৰৰ গোগামুখ- লখিমপুৰ পথত থকা দলে কম্পেলেক্স আৰু হোটেল চি কে ডি প্ৰয়াত চন্দ্ৰকান্ত দলেৰ নামত উৎসৰ্গিত এখন সুন্দৰ ব্যৱসায়ীক কেন্দ্ৰ ৷ প্ৰয়াত দলেক মিচিং ৰীতি অনুযায়ী তেওঁৰ নিজা বাসভৱনৰ কাষতে সমাধিস্থ কৰা হয় ৷  চন্দ্ৰকান্ত দলেৰ দেহাৱসানত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক শৰৎ চুতীয়া, গোগামুখ আঞ্চলিকৰ সভাপতি বলোৰাম টাইদ, সম্পাদক পাপুল দাস, টি এম পি কেৰ গোগামুখ আঞ্চলিকৰ সভাপতি চিদানন্দ দলে, সম্পাদক মনেশ্বৰ কমান, গোগামুখ যুৱ সমাজৰ মুখ্য উপদেষ্টা দিপ্তি চেতিয়া, সভাপতি মহানন্দ শইকীয়া, সম্পাদক হৰেণ নৰহ, গোগামুখ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী গোট, জাৰ্নেলিষ্ট এছ’চিয়েন ফ’ৰ আছামৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল শইকীয়া,  গোগামুখ স্পৰ্ট এছ’চিয়েচনৰ সম্পাদক মণিৰাম পেগু, গোগামুখ স্পৰ্ট একাডেমীৰ সম্পাদক গেৰেমছা দৈমাৰী,  গোগামুখ প্ৰেছ গীল্ডৰ সম্পাদক জীৱন দত্ত আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু প্ৰয়াত দলেৰ বিদেহী  আত্মাৰ সদ্‌গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷ প্ৰয়াত দলেৰ পৰিয়ালৰ হৈ ভবানন্দ দলে আৰু ৰাকেশ দলেয়ে জনোৱা মতে মিচিং দস্তুৰ মতে কাইলৈ বুধবাৰে প্ৰয়াত দলেৰ তিলনিৰ দিহা কৰা হৈছে ৷

Leave A Reply