Breaking

ঘগ্ৰাপাৰত পশু চিকিৎসা শিবিৰ সম্পন্ন

0 2,011

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁওত ঘগ্ৰাপাৰ পশু চিকিৎসালয়ৰ উদ্যোগত পশুৰ কৃমি নাশক দৰব বিতৰণ আৰু পশুধনৰ প্ৰজনন জনিত ৰোগ আৰু ওহাৰফুলা ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসা সম্পৰ্কীয় এক শিবিৰ  অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসা সেৱা আগ বঢ়ায় ডাঃ অম্বিকা ডেকা, ডাঃ প্ৰতুল তালুকদাৰ, ক্ষেত্ৰ সহায়ক  কমল দাস আৰু মঃ ৰুবুল আলীয়ে । শিবিৰত সহায় কৰে বিভাগীয় কৰ্মচাৰী  মহেন্দ্ৰ কলিতা আৰু  হেম কান্ত বৈশ্যই । উক্ত শিবিৰত প্ৰায় ২০০ পশু ধনৰ চিকিৎসা কৰাৰ লগতে প্ৰায় ৩০০ পশু ধনৰ বাবে  ঔষধ বিতৰণ কৰা হয়।

Leave A Reply