তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট লেখিকা, ক্ৰীড়াবিদ অন্ন মহন্তৰ আজি নিশা প্ৰায় ৮ বজাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।১৯৪৩ চনত জন্মগ্ৰহণ কৰা তেজপুৰৰ সমাজ জীৱনৰ অতি সৰবৰহী অন্ন মহন্ত ২০০০ চনত দৰংমহাবিদ্যালয়ৰ পৰা উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰা আৰু মহাবিদ্যালয়খনৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ দক্ষ অধ্যাপিকা হিচাপে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। শিক্ষকতাৰ সমান্তৰাল ভাৱে মহাবিদ্যালয়খনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাৱধায়ক আৰু এগৰাকী ক্ৰীড়াবিদ হিচাপেও ছাত্ৰী অৱস্থাৰ পৰাই ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অধ্যাপনা কৰি থকা সময়লৈকে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা অতি জনপ্ৰিয় অৱসৰপ্ৰাপ্ত অধ্যাপিকা তথা বহুকেইখন গ্ৰন্থৰ স্ৰষ্টা গৰাকী কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত শেহতীয়াকৈ পুত্ৰই অধ্যাপনা কৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও আজি নিশা প্ৰায় ৮ বজাত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে।
দৰং মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা হৈ থকা সময়ত বিভাগটোৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা অসম সাহিত্য সভাৰ আজীৱন সদস্যা মহন্ত ছাত্ৰী অৱস্থাৰ পৰাই এগৰাকী গল্পকাৰ, কবি, প্ৰাবন্ধিক হিচাপে পৰিচিত হৈ বিভিন্ন কাকত আলোচনীত নিজৰ লেখা প্ৰকাশ কৰাৰ লগতে “উত্তৰণ আৰু অন্যান্য কবিতা”, ইংৰাজী কবিতা পুথি “দ্য স্কাই ইজ দ্য লিমিট”, মহিলা সৱলীকৰণৰ ওপৰত ৰচনা কৰা “অৰ্ধ আকাশ”, কবিতা পুথি “আলোড়ন”, অসমীয়া গীতৰ পুথি “আই অসমীলৈ গীতৰ শৰাই”, গল্প সংকলন “সত্যাসত্য” প্ৰকাশ কৰি যোৱাৰ লগতে বহুকেইখন অপ্ৰকাশিত গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। সাহিত্য চৰ্চাৰ সমান্তৰালভাবে এগৰাকী ক্ৰীড়াবিদ হিচাপে বিভিন্ন ক্ৰীড়াত বহুবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এইগৰাকী বিদূষী মহিলাৰ মৃত্যুৰ সংবাদে ম্ৰীয়মান কৰি তুলিছে তেজপুৰ বাসীক।
মৃত্যুৰ সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চকু বিভাগৰ অধ্যাপক ডাঃ ধীৰাজ চাংৱান, বোৱাৰী অতিৰিক্ত জিলা আয়ুক্ত লীজা তালুকদাৰ, দুগৰাকী বিবাহিত কন্যা আৰু নাতি নাতিনীক এৰি যোৱা অন্ন মহন্তৰ বিয়োগত দৰংমহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি খগেশ্বৰ বৰকাকতী, অধ্যক্ষ ড০ পলাশমণি শইকীয়া, দৰংমহাবিদ্যালয় এলুমনি সন্থাৰ সভাপতি ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।