Breaking

ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকি আলীৰ মৃত্যু।

0 2,594

ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি কৰা গাড়ীগাঁওৰ দলবদ্ধ বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকি আলীৰ মৃত্যু ঘটিছে।নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হয় বিকি আলীৰ। মঙলবাৰে পলাতক অৱস্থাত থকা বিকিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।যোৱা নিশা বলাৎকাৰ কাণ্ড সংঘটিত হোৱা মহানগৰীৰ বিশেষ স্থানলৈ আৰক্ষীয়ে বিকিক লৈ গৈছিল যদিও বিকিয়ে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।দেহত চাৰিটা গুলী লগা বিকিক নিশা ১-১০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।বিকিৰ পিঠিত তিনিটা আৰু বুকুত এটা গুলী লাগিছে।

মঙ্গলবাৰে দুপৰীয়া প্ৰায় এক বজাত জালুকবাৰী আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই বিকিক গ্ৰেপ্তাৰ কৰিছিল।গাড়ীগাঁওৰ দামপুৰ পাহাৰত লুকাই আছিল অভিযুক্ত বিকি আলী।

Leave A Reply