Breaking

ভূক্তভোগী গ্ৰাহকক লুণ্ঠন-প্ৰতাৰণাৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত গোচৰ ৰুজু

0 1,076

ঘৰ নিৰ্মাণৰ সামগ্ৰী বিক্ৰী কৰা একাংশ হাৰ্ডৱেৰ দোকানী তথা প্ৰতিষ্ঠানে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ সাধাৰণ গ্ৰাহকক অত্যাধিক দাম লৈ আৰু কুট কৌশলেৰে লুণ্ঠন চলাই অহাৰ অভিযোগ বহুদিনীয়া। সাধাৰণ গ্ৰাহকে লোহা, চিমেন্ট তথা অন্যান্য ঘৰ বনোৱা সামগ্ৰী ক্ৰয় কৰা সময়ত প্ৰায়ে ৰামঠগন খাবলগীয়া হয়। বিশেষকৈ  বিজয়নগৰ-বাটৰহাট অঞ্চলৰ একাংশ অনা- অসমীয়া ব্যৱসায়ীয়ে এই লুণ্ঠন চলাই কোটি কোটি টকা ৰাজহ ফাঁঁকি দি ব্যাপক দুৰ্নীতি কৰি থকাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰোতা কোনো নাই। সম্প্ৰতি দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল বিজয়নগৰৰ সমীপৱৰ্তী বাটৰহাটৰ লোহা – চিমেন্টৰ বিক্ৰী প্ৰতিষ্ঠান মেচাৰ্চ মংগলম ইস্পাটে গ্ৰাহকক প্ৰতাৰণা কৰাৰ ঘটনা পোহৰলৈ আহিছে। মেচাৰ্চ মংগলম ইস্পাটৰ এনে লুণ্ঠন আৰু প্ৰতাৰণাৰ ঘটনা পোহৰলৈ অনা এগৰাকী গ্ৰাহকে ইতিমধ্যে গোচৰ ৰুজু কৰি মংগলম কৰ্তৃপক্ষৰ ব্যাপক দুৰ্নীতি আৰু লুণ্ঠন চলোৱা পক্ষক গ্ৰেপ্তাৰ কৰি ন্যায় দিবলৈ প্ৰশাসন তথা আৰক্ষীক অনুৰোধ জনাইছে।

উল্লেখ্য যে, যোৱা ২২ ফেব্ৰুৱাৰীত নহিৰাৰ নয়ন মহন্ত নামৰ লোকজনে বাটৰহাটস্থিত উক্ত ‘মেচাৰ্চ মঙ্গলম ইস্পাট’ নামৰ বিপনীখনৰ পৰা প্ৰায় ৭০ হেজাৰ টকাৰ ৰ’ড ক্ৰয় কৰিছিল। আগধন হিচাপে মহন্তই প্ৰতিষ্ঠানখনক এক লাখ টকা দি তেওঁ উভতি ঘৰলৈ যায়। সামগ্ৰীখিনি মংগলম ইস্পাটে হোম ডেলেভাৰিও কৰে। কিন্তু গ্ৰাহকজনে বিচৰা ৰ’ড অৰ্থাৎ লোহাৰ সংখ্যা ২৭ ডালৰ বিপৰীতে ২১ ডাল লোহা দি পঠিয়ায়। চিলিপ অনুযায়ী সামগ্ৰীখিনি হিচাপ কৰাত প্ৰায় ৬ হেজাৰ টকাৰ সামগ্ৰীৰ খেলিমেলি হোৱাত তেওঁৰ চকু কপালত উঠে আৰু লগে লগে দোকানখনত উপস্থিত হৈ ইয়াৰ উচিত তথ্য বিচাৰে। পিছত মংগলম ইস্পাটে গ্ৰাহকক কৰা ৰহস্য পোহৰলৈ আহে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গ্ৰাহক মহন্তই পলাশবাৰী চক্ৰ বিষয়া, পলাশবাৰী আৰক্ষীকো প্ৰথমে ফোন যোগে অৱগত কৰে। পিছত ঘটনাস্থলীত পলাশবাৰী সংলগ্ন চক্ৰ বিষয়া দীপা তালুকদাৰ, বিজয়নগৰ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মংগলম ইস্পাটৰ লুণ্ঠনকাৰী শৰ্মা নামৰ এজন লোক সহিতে দুজন কৰ্মচাৰীৰ সাক্ষ্য গ্ৰহন কৰে ।

পৰৱৰ্তী সময়ত গ্ৰাহক নয়ন মহন্তই পলাশবাৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত ইতিমধ্যে ভাৰতীয় দণ্ড বিধি আইনৰ ৪০৬/৪২০ ধাৰাত ৮২/২০২২ নম্বৰ এটা গোচৰ ৰুজু হৈছে। সম্প্ৰতি বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাবন্য বড়োৱে এই গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে তদন্ত কৰি আছে যদিও লুণ্ঠনকাৰী প্ৰতিষ্ঠান মংগলম ইস্পাটৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব। বৰ্তমান উক্ত প্ৰতিষ্ঠানেই নহয় বাণিজ্যিক কেন্দ্ৰ স্থল বিজয়নগৰত এনে বহু কেইকেইখন হাৰ্ডৱেৰ দোকান আছে যিয়ে সাধাৰণ গ্ৰাহকক মাধমাৰ সোধায় আছে। ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসক ৰাইজে আহ্বান জনাইছে।

Leave A Reply