Breaking

আৰ চি বিৰ জয়ৰ পাছত এক বিশেষ দিন উদযাপন কৰে বিৰাট-অনুষ্কাই…

0 72

আৰ চি বিৰ জয়ৰ পাছত স্বামী বিৰাট কোহলীৰ সৈতে এক বিশেষ দিন উদযাপন অনুষ্কা শৰ্মাৰ। স্বামী বিৰাট কোহলীক প্ৰতিটো কামতে উৎসাহিত কৰে অনুষ্কাই। খেলপথাৰত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সাহস বৃদ্ধি কৰাই হওক বা বিজয় উদযাপন কৰাই হওক, সম্পূৰ্ণ লগ দিয়ে স্বামীক। শেহতীয়াকৈ বিৰাট কোহলীৰ আই পি এল দল ‘ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু’ৰ জয়ৰ পাছত অনুষ্কাই তেওঁৰ সৈতে উদযাপন কৰে এক বিশেষ দিনৰ।

আচলতে আই পি এলত আৰ চি বি দলে দিল্লী কেপিটেলছক ২৩ ৰানত পৰাস্ত কৰিছিল। অনুষ্কা শৰ্মাও এই মেচ চাবলৈ গৈছিল। এনে পৰিস্থিতিত আৰ চি বিয়ে এই মেচত জয়লাভ কৰাৰ লগে লগে অনুষ্কাই এই বিশেষ মুহূৰ্তটো ইনষ্টা ষ্ট’ৰীত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল ফটো। কেৱল এয়াই নহয়, ইয়াৰ পিছত স্বামীৰ সৈতেও পাৰ্টি কৰিছিল।

অনুষ্কাই ইনষ্টা ষ্ট’ৰীত বিৰাটৰ সৈতে শ্বেয়াৰ কৰিছিল এখন ছবি, য’ত বিৰাটে জুচ খাই থকা দেখা গৈছে আৰু তেওঁ পানী খাই থকা দেখা গৈছে। এই ফটো খনৰ সৈতে অনুষ্কাই কেপচনত লিখিছে, “মেচৰ পিছত চেছ-পানী স্পাৰ্কলিং পানী।” ৱি পাৰ্টি হাৰ্ড।” ইয়াৰ লগতে তেওঁ ধেমেলীয়া ইমোজিও শ্বেয়াৰ কৰিছিল।


Leave A Reply