Breaking

আজি মুখামুখি হ’ব বিৰাট কোহলী আৰু ৰোহিত শৰ্মা। কোনটো দলক আপুনি সমৰ্থন কৰিব…

0 58

আই পি এলৰ ১৬ সংখ্যক ছিজনৰ পঞ্চমখন খেলত মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ মাজত মুখামুখি হ’ব। আজি সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব এই খেল খন।আজি আই পি এলত মুখামুখি হ’ব ৰোহিত শৰ্মা আৰু বিৰাট কোহলী। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰৰ এই মুখামুখি। মুম্বাই ইণ্ডিয়ানছৰ দলটোৱে আই পি এলৰ যোৱা ছিজনৰ বেয়া স্মৃতিবোৰ পাহৰি নতুনকৈ অভিযান আৰম্ভ কৰিব বিচাৰিলেও আৰ চি বিয়ে পূৰ্বৰ ছিজনৰ প্ৰদৰ্শন অক্ষুণ্ণ ৰখাৰ লগতে আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰিব।

মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ দলত এজনতকৈ অধিক খেলুৱৈ আছে। অৱশ্যে এই প্ৰথমখন মেচত দুয়োটা দলৰ বহু গুৰুত্বপূৰ্ণ খেলুৱৈ অনুপস্থিত থাকিব। মুম্বাই ইণ্ডিয়ানছৰ পৰা জছপ্ৰিত বুমৰাহ আৰু জ্য়ে ৰিচাৰ্ডছনক গোটেই ছিজনটোৰ বাবে বাদ পৰাৰ বিপৰীতে জফ্ৰা আৰ্চাৰে প্ৰথমখন মেচত প্ৰৱেশ কৰাৰ সম্ভাৱনাও সম্পূৰ্ণ হোৱা নাই। আনহাতে, ৱানিন্দু হাছাৰংগা, ৰজত পাটিদাৰ আৰু জোছ হেজলউড আৰচিবিৰ বাহিৰত থাকিব। বৰ্তমান ৱানিণ্ডুৱে নিউজিলেণ্ডত টি-২০ ছিৰিজ খেলি আছে। আঘাতৰ পৰা আৰোগ্য লাভৰ বাবে এনচিএত আছে ৰজত পাটিদাৰ আৰু আঘাতৰ বাবে হেজলউডো প্ৰাৰম্ভিক মেচত অংশগ্ৰহণ কৰিব নোৱাৰিব।

মুম্বাই ইণ্ডিয়ানছঃ ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, টিম ডেভিদ, কেমেৰন গ্ৰীণ, ৰমনদীপ সিং, জোফ্ৰা আৰ্চাৰ, হৃতিক শ্বোকিন, সন্দীপ ৱাৰিয়ৰ, জেছন বেহৰেণ্ডৰ্ফ।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুঃ ফাফ ডুপলেছিছ (অধিনায়ক), বিৰাট কোহলী, মহিপাল লমৰ’ৰ, গ্লেন মেক্সৱেল, মাইকেল ব্ৰেচৱেল, দীনেশ কাৰ্তিক, শ্বাহবাজ আহমেদ, হৰ্শাল পেটেল, আকাশদীপ, ৰিচ টপলি, মহম্মদ চিৰাজ।

Leave A Reply