Breaking

দশম শ্ৰেণীৰ মাৰ্কশ্বীটৰ ফটো শ্বেয়াৰ কৰিলে বিৰাট কোহলীয়ে, গণিতত কিমান নম্বৰ পাইছিল জানিলে আচৰিত হ’ব…

0 198

বিৰাট কোহলীয়ে নিজৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰিলে, চাওক কোনটো বিষয়ত সৰ্বনিম্ন নম্বৰ লাভ কৰিছে!
ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে হঠাতে নিজৰ দশম মাৰ্কশ্বীট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিছিল, য’ত তেওঁ গণিতত মুঠ ৫১ নম্বৰ লাভ কৰিছিল। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৩ ছিজনত পুনৰবাৰ প্ৰদৰ্শন কৰিবলৈ সাজু হোৱা বিৰাট কোহলীয়ে আজি হঠাতে নিজৰ দশম মাৰ্কশ্বীটৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তুলিলে। যদিও কিছু সময়ৰ পিছত কোহলীয়ে নিজৰ পোষ্টটো ডিলিট কৰিছিল, কিন্তু সেই সময়ছোৱাত তেওঁৰ মাৰ্কশ্বীটৰ ফটোখন ভাইৰেল হৈ পৰিছিল।


ক্ৰিকেট খেলপথাৰত এতিয়ালৈকে অগণন অভিলেখ গঢ়িবলৈ সক্ষম হোৱা বিৰাট কোহলীয়ে ২০০৪ চনত দশম পৰীক্ষাত উত্তীৰ্ণ হৈছিল। দশম শ্ৰেণীত বিৰাট কোহলীয়ে ইংৰাজীত ৮৩, হিন্দীত ৭৫, গণিতত ৫১, বিজ্ঞানত ৫৫, সমাজ বিজ্ঞানত ৮১ আৰু পৰিচয় বিজ্ঞানত ৫৮ নম্বৰ লাভ কৰে। মুঠতে ৬৯ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয় কোহলীয়ে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক ছিজন ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব, যাৰ বিষয়ে বিৰাট কোহলীয়ে ইতিমধ্যে তেওঁৰ এটা বক্তব্যৰ পৰা স্পষ্ট কৰি দিছে যে তেওঁ ইয়াৰ বাবে সম্পূৰ্ণ সাজু। যোৱা ছিজনৰ তুলনাত এইবাৰ কোহলীৰ ফৰ্মো উন্নত হৈছে, য’ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত সীমিত অভাৰৰ শৃংখলাত বেটৰ সৈতে কোহলীৰ প্ৰদৰ্শন ভাল দেখা গৈছিল। আই পি এল ২০২৩ ছিজনত ২ এপ্ৰিলত এম চিন্নাস্বামী ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ দলটোৱে অভিযান আৰম্ভ কৰিব।

Leave A Reply