Breaking

২০১০ চনৰ কৃতিত্ব পুনৰ গঢ়িব বিৰাট কোহলীয়ে…

0 60

বিশ্বৰ মহান বেটছমেনৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বিৰাট কোহলী। কিয় তেওঁক বিশ্বৰ মহান বেটছমেনৰ লগত তুলনা কৰা হয়। কোনো ক্ৰিকেট প্ৰেমিকক কোৱাৰ প্ৰয়োজন নাই। এতিয়া কোহলীয়ে আৰু এটা ডাঙৰ অভিলেখ গঢ়িব, যিটো ১৩ বছৰ আগতে অৰ্থাৎ ২০১০ চনত হৈছিল। আগন্তুক ৱেষ্ট ইণ্ডিজ ভ্ৰমণত পুনৰ দেখা পোৱা যাব কোহলীক। বিৰাট কোহলীয়ে নিজৰ নামত বহু ডাঙৰ অভিলেখ আৰু কৃতিত্ব অৰ্জন কৰিছে। অহা ১২ জুলাইৰ পৰা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব টেষ্ট শৃংখলা। ইয়াৰ পিছত দলটোৱে ৩খন মেচৰ এদিনীয়া শৃংখলাও খেলিব। যদিও দলটো এতিয়াও ঘোষণা কৰা হোৱা নাই, কিন্তু বিৰাট কোহলী এই দলৰ অংশ হোৱাটো নিশ্চিত। এদিনীয়া শৃংখলাত বিৰাটে ১৩ বছৰৰ আগৰ ইতিহাস পুনৰাবৃত্তি কৰিবলৈ মাত্ৰ কেইটামান ৰান বাকী আছে। এদিনীয়াত ১০২ ৰান সংগ্ৰহ কৰাৰ লগে লগে তেওঁ ১৩০০০ ৰান সম্পূৰ্ণ কৰিব। ভাৰতৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ’ব আৰু এদিনীয়া মেচত ১৩০০০ ৰান সংগ্ৰহ কৰি বিশ্বৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হ’ব। ২০১০ চনত মহান বেটছমেন শচীন টেণ্ডুলকাৰে এই কৃতিত্ব অৰ্জন কৰিছিল।

বিৰাট কোহলীয়ে ১০২ ৰানেৰে ভাৰত ক্ৰিকেটৰ বাবে ইতিহাস ৰচনা কৰিব। মহান শচীন তেণ্ডুলকাৰৰ পিছত তেওঁ ১৩০০০ ৰান সংগ্ৰহ কৰা ভাৰতীয় বেটছমেনৰ দ্বিতীয়জনহে হ’ব। ২০১০ চনত এদিনীয়া কেৰিয়াৰত ১৩০০০ ৰান সম্পূৰ্ণ কৰিছিল শচীন ভাৰতে। তেওঁ বিশ্বৰ সৰ্বাধিক ৰান সংগ্ৰহকাৰী। তেওঁ ৪৬৩খন খেলৰ ৪৫২ ইনিংছত ১৮৪২৬ ৰান সংগ্ৰহ কৰিছে। এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ ভাৰত আৰু বিশ্বৰ মহান বেটছমেন শচীন টেণ্ডুলকাৰৰ নামত। তেওঁ ১৮৪২৬ ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পাছতে ১৪২৩৪ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰা। তৃতীয় নাম অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং, যিয়ে এই ফৰ্মেটত ১৩৭০৪ ৰান সংগ্ৰহ কৰে। এই তালিকাত ১৩৪৩০ ৰানেৰে চতুৰ্থ স্থানত আছে সনাথ জয়সূৰ্য্য। একে সময়তে সক্ৰিয় ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বিৰাট কোহলী। ইয়াৰ উপৰিও তেওঁ ১২৮৯৮ ৰানেৰে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেনৰ ভিতৰত পাঁচ নম্বৰ স্থানত আছে।


Leave A Reply