Breaking

ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ বেটছমেন যশৱ জয়ছৱালৰ ইনিংছক লৈ বিৰাট কোহলীয়ে প্ৰতিক্ৰিয়া। ক’লে ‘কি প্ৰতিভা’…

0 113

ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ বেটছমেন যশৱ জয়ছৱালে কেকেআৰৰ বিৰুদ্ধে ৯৮ ৰানৰ ইনিংছ খেলিছিল। জয়ছোৱালৰ এই ইনিংছক লৈ বিৰাট কোহলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। যশস্বী জয়ছোৱালৰ দ্ৰুত ইনিংছ দেখি আচৰিত হৈ বিৰাট কোহলীয়ে কয়- ‘কি প্ৰতিভা’। কেকেআৰৰ বিৰুদ্ধে খেলখনত ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ যশস্বী জয়ছৱালে অপৰাজিত ৯৮ ৰান সংগ্ৰহ কৰে। বৃহস্পতিবাৰে (১১ মে’) কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলা মেচখনত ৰাজস্থান ৰয়েলছৰ অ’পেনাৰ যশস্বী জয়ছৱালে এক উজ্জ্বল ইনিংছ খেলিছিল। জয়ছোৱালে ১৩টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৪৭টা বলত ৯৮ ৰান কৰে। এই সময়ছোৱাত তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ২০৮.৫১। ৰাজস্থানৰ অ’পেনাৰ বেটছমেনৰ এই ইনিংছ দেখি আচৰিত হ’ল আৰ বি চিৰ বিৰাট কোহলি। যশস্বীক প্ৰশংসা কৰি তেওঁ ক’লে, ‘কি প্ৰতিভা।’

যশস্বী জয়ছোৱালৰ ইনিংছ দেখি বিৰাট কোহলীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা ষ্টৰী শ্বেয়াৰ কৰে। কোহলীয়ে লিখিছে, ‘ শ্ৰেষ্ঠ বেটিং। কি প্ৰতিভা।” যশস্বীৰ এই ইনিংছৰ বাবেই ৰাজস্থানে খেলখন অতি সহজে জয়লাভ কৰে।

কে কে আৰৰ বিৰুদ্ধে খেলা এই মেচখনত যশস্বীয়েও আই পি এলত সৰ্বাধিক দ্রুত অর্ধশতক অর্জন কৰাৰ কৃতিত্ব প্রদর্শন কৰে৷ জয়ছৱালে মাত্ৰ ১৩টা বলত ফিফটি সম্পূৰ্ণ কৰিছিল। এই ক্ষেত্ৰত তেওঁ ভাৰতীয় বেটছমেন কে এল ৰাহুল আৰু অষ্ট্ৰেলিয়াৰ খেলুৱৈ পেট কামিন্সৰ অভিলেখ ভংগ কৰে।ৰাহুলে এই কৃতিত্ব পাঞ্জাব কিংছৰ হৈ খেলিছিল আৰু পেট কামিন্সে কেকেআৰৰ হৈ খেলিছিল। দুয়োগৰাকী খেলুৱৈয়ে আই পি এলত ১৪টা বলত সৰ্বাধিক দ্ৰুত অৰ্ধশতক অৰ্জন কৰাৰ অভিলেখ গঢ়িছিল। অৱশ্যে এতিয়া এই অভিলেখৰ নাম ৰাজস্থান ৰয়েলছৰ যশস্বী জয়ছৱালৰ নামেৰে ৰখা হৈছে।

মেচখনত প্ৰথমে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ দলটোৱে ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ব’ৰ্ডত ১৪৯ ৰান সংগ্ৰহ কৰে। ৰান খেদি খেদি ৰাজস্থান ৰয়েলছে মাত্ৰ ১৩.১ অভাৰত মাত্ৰ ১ উইকেটত লক্ষ্য অৰ্জন কৰে। যশস্বী জয়ছোৱালৰ উপৰিও অধিনায়ক সঞ্জু চেমছনে ২৯টা বলত ২টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৪৮ ৰান সংগ্ৰহ কৰে।

Leave A Reply