Breaking

পথ মেৰামতিৰ দাবীত বিহালীত বিশ্বনাথ জিলা ছাত্র সন্থা প্ৰতিবাদ

0 2,078

বৃহস্পতিবাৰে পথ মেৰামতিৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিহালী বেদেতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
 পূৰ্ব বিহালী আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্র সন্থাই  বিশ্বনাথ চাৰিআলি পৰা গসপুৰলৈ যোৱা  পথ টো দীৰ্ঘদিন ধৰি প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হোৱা লক্ষ্য কৰি আহিছে। যাৰ ফলত পথটো পৰা বহু কেইটা দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে ।এই পথ দুৰ্ঘটনাত বহু কেইজন লোকে প্ৰাণ হেৰুৱাইছে।এই পথটো নিৰ্মাণ বাবে টি কে ইঞ্জিনীয়াৰি‌ং নামৰ এটা পথ নিৰ্মাণ সংস্থাই লাভ কৰিছিল যদিও যোৱা ৬ টা বছৰত পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে যাৰ বাবে ভাৰত চৰকাৰৰ পথ নিৰ্মাণ সংস্থাই   পথ নিৰ্মাণ সংস্থাটো পৰা নিবিদা বাতিল কৰি আন এটা কোম্পানীক অৰ্পণ কৰিছে।ইফালে পথটো শীঘ্ৰে নিৰ্মাণ আৰু মেৰামতি দাবীত শুক্ৰবাৰে সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে পথটো নিৰ্মাণ আৰু মেৰামতি  দাবী জনাই । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্র সন্থা সহকাৰী সম্পাদক প্ৰজ্ঞান জ্যোতি ভূঞা সদৌ অসম ছাত্র সন্থা কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহ ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থা সভাপতি সম্পাদকে ধৰি বহু কেইজন সদস্যই ।

Leave A Reply